কলকাতাৰ অভয়াকাণ্ডক লৈ দেশজুৰি প্ৰতিবাদ থকাৰ সময়তে পুনৰ অসমৰ নগাঁও জিলাৰ ধিঙত সংঘটিত হৈছে এক জঘন্য ঘটনা।ধিঙৰ নাবালিকা ধৰ্ষণকাণ্ডক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। টিউচনৰ পৰা ঘৰলৈ উভতি যোৱাৰ সময়তে ৩ দুৰ্বৃত্তই নাবালিকা ছাত্ৰীগৰাকীক ধৰ্ষণ কৰি মুমূৰ্ষু অৱস্থাত শ্মশানৰ কাষতে পেলাই থৈ যোৱা প্ৰত্যক্ষ কৰা বুলি দাবী কৰিছে একাংশ লোকে।
এই ঘটনাৰ পিচতে ধিঙত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। এই ঘটনাৰ বিৰুদ্ধে ধিং আঞ্চলিক ছাত্ৰ সন্থাই শুকুৰবাৰে ধিং বন্ধৰ আহ্বান জনায়।সদৌ অসম ছাত্ৰ সন্থাৰ লগতে স্থানীয় একাংশ লোকেও দোষীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত ধিং বন্ধৰো ঘোষণা কৰে আছুৱে। আছুৱে ঘোষণা কৰা মতে এই সময়ছোৱাত সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখিব লাগিব। যান-বাহনৰ চলাচলো বন্ধ থাকিব। ধিঙৰ নাবালিকা ধৰ্ষণকাণ্ডক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে নিশাই আৰক্ষীয়ে দুজন লোকক সোধা-পোছাৰ বাবে আটক কৰে বুলি জানিব পৰা গৈছে। অৱশ্যে এই সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈ কোনো স্পষ্টীকৰণ দিয়া নাই।