নিউজ ডেস্ক , ২৬ আগষ্ট: কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে জ্যেষ্ঠ নেতা গোলাম নবী আজাদে। দলৰ প্ৰাথমিক সদস্যপদৰ লগতে সকলো পদৰ পৰা ইস্তাফা দিলে গোলাম নবী আজাদে । কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীলৈ ৫ পৃষ্ঠাৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে আজাদে। ৰাহুল গান্ধীক দল এৰাৰ বাবে জগৰীয়া কৰিলে আজাদে। ৰাহুল গান্ধীৰ নেতৃত্বত অহাৰ পাছতেই কংগ্ৰেছ দুৰ্বল হোৱাৰ অভিযোগ আনিলে আজাদে।
দীৰ্ঘ সময় ধৰি কংগ্ৰেছৰ প্ৰতি ক্ষুব্ধ হৈ আছিল গোলাম নবী আজাদে । গোলাম নবী আজাদৰ ক্ষোভ তেতিয়াই পোহৰলৈ আহিছিল , যেতিয়া তেঁও অভিযান সমিতিৰ সভাপতি নিযুক্তিৰ কেইটামান ঘণ্টা পিছতে সেই পদৰ পৰা ইস্তাফা দিছিল। গোলাম নবী আজাদে কেইটামান আগতে জম্মু আৰু কাশ্মীৰ প্ৰচাৰ সমিতি আৰু ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ পেনেলৰ পৰা পদত্যাগ কৰিছিল। ২০২০ চনৰ আগষ্টত দলৰ নিৰ্বাচন আৰু স্থায়ী সভাপতি নিযুক্তিৰ দাবীত কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীলৈ চিঠি লিখা ২৩ জন নেতাৰ ভিতৰত আজাদো আছিল।
কিছুদিন পূৰ্বে ক্ষুব্ধ গোটৰ নেতা হিচাপে পৰিচিত আনন্দ শৰ্মাই হিমাচল প্ৰদেশৰ পৰ্যৱেক্ষক সমিতিৰ মুৰব্বীৰ পদৰ পৰা পদত্যাগ কৰে। হিমাচল প্ৰদেশত নিৰ্বাচন আহি আছে। ইয়াৰ পূৰ্বে আনন্দ শৰ্মাৰ পদত্যাগে কংগ্ৰেছ শিবিৰত অস্থিৰতাৰ সৃষ্টি কৰিছে। সেই ঘটনাৰ পিছতে গোলাম নবী আজাদৰ কংগ্ৰেছৰ ভিতৰত ক্ৰমে অসন্তুষ্টি বৃদ্ধি পোৱাৰ ইংগিত দিয়ে।