গ্ৰেপ্তাৰ কৰা হ’ল জোনালী নাথৰ হত্যাকাণ্ডৰ লগত জড়িত আন এজন অভিযুক্তক

Share

জোনালী নাথৰ হত্যাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আন এজনক অভিযুক্তক । শনিবাৰে আৰক্ষীয়ে মাটিয়াৰ পৰা গ্ৰেপ্তাৰ কৰে আজিবৰ ৰহমান নামৰ অভিযুক্তগৰাকীক।

উল্লেখ্য যে, আৰক্ষীৰয়ে মূল অভিযুক্ত হাছানুৰক জেৰা কৰা পিছত পোহৰলৈ আহিছে আজিবৰৰ নাম। আজিবৰৰ সৈতে হাছানুৰে একে লগ হৈ জোনালী নাথক হত্যা কৰাৰ কথা স্বীকাৰ কৰে। তাৰ পিছতেই আৰক্ষীয়ে আজিবৰ গ্ৰেপ্তাৰ কৰিবলৈ যোৱাৰ সময়ত এখন মটৰচাইকেলৰ সহায়ত পলায়ন কৰিছিল যদিও আৰক্ষীৰ পৰা সাৰিবলৈ নদীত জাপ দিছিল । অৱশেষত আৰক্ষীৰ হাতত ধৰা দিয়ে আজিবৰ ৰহমান নামৰ অভিযুক্তগৰাকী।
ইয়াৰ উপৰিও পূৰ্বেও বহু গোচৰ অভিযুক্ত  আজিবৰ ৰহমানৰ বিৰুদ্ধে ৰুজু হৈ আছে থানাত। আজিবুৰক গ্ৰেপ্তাৰ কৰা পিছতে আদালতত হাজিৰ কৰা হয় । হাছানুৰ আৰু আজিবৰ দুয়ো মিলি কাঠৰ টুকুৰাৰে মূৰত প্ৰচণ্ড আঘাট কৰি বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাৰ কৰাৰ কথা আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে অভিযুক্ত হাছানুৰে । উল্লেখ্য যে ১২ জুনত জোনালী নাথৰ মৃতদেহ কৃষ্ণাইৰ শালপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত উদ্ধাৰ হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *