বিশ্বকাপ ক্ৰিকেটত নিউজিলেণ্ডে শ্ৰীলংকাক পৰাস্ত কৰাৰ পাছতে এতিয়া ছেমি ফাইনেললৈ পাকিস্তানৰ যোগ্যতা অৰ্জনৰ প্ৰশ্নক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা চলিছে ।
পাকিস্তানে চেমি ফাইনেলত প্ৰৱেশ কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিলেও অংকৰ জৰিয়তে বৰ্তমানেও বিশ্বকাপৰ চেমি ফাইনেলত প্ৰৱেশ কৰাৰ আশা পুহি ৰাখিছে দলটোৱে !
১১ নৱেম্বৰত পাকিস্তানে ইংলেণ্ডৰ বিৰুদ্ধে ৰাউণ্ড ৰবীন পদ্ধতিৰ অন্তিমখন মেচ খেলিব । উল্লেখ্য যে আই চি চি পইণ্ট তালিকাত ১০ পইণ্টেৰে নিউজিলেণ্ডে ইতিমধ্যেই চতুৰ্থ স্থান অধিকাৰ কৰিছে । ইয়াৰ বিপৰীতে পাকিস্তানে ৮ পইণ্টেৰে তালিকাৰ পঞ্চম স্থানত আছে । কিন্তু ১১ নৱেম্বৰৰ মেচত যদি পাকিস্তানে বিজয় সাব্যস্ত কৰে তেন্তে দলটোৰো পইণ্ট তালিকাত মুঠ পইণ্ট ১০ হোৱাৰ সম্ভাৱনা আছে । অৱশ্যে নিউজিলেণ্ডৰ তুলনাত পাকিস্তানৰ নেট ৰাণ ৰেট কম হোৱাৰ বাবে ই পাকিস্তানৰ বিশ্বকাপৰ চেমি ফাইনেলৰ যোগ্যতা অৰ্জনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে ।