কণ কণ শিশুৰ হাতত মোবাইল ফোন নিদিবলৈ আহ্বান আনন্দ মিশ্ৰাৰ

Share

ছাদ্দাম হুছেইন, ২২ অক্টোৱৰঃ কলিয়াবৰত সংঘটিত হয় এক জঘন্য কাণ্ড। মোবাইলত অশ্লীল ছবি নোচোৱাৰ বাবে তিনিজন কিশোৰে এগৰাকী ছয়বছৰীয়া কন্যা শিশুক হত্যা কৰে। তিনিওজন কিশোৰে মিলি কন্যা শিশুটিক মোবাইলত দেখুৱাব খুজিছিল আপত্তিজনক ভিডিঅ, কিন্তু শিশুটিয়ে নোচোৱাৰ অপৰাধত মৃত্যুক সাবটিবলগীয়া হল।

এই সন্দৰ্ভত নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাই ঘটনাস্থলীত উপস্থিত হৈ সাংবাদিকৰ আগত মন্তব্য কৰে যে অভিভাৱক সকলে কণ কণ শিশু সকলৰ হাতত আচলতে মোবাইল ফোন তুলি দিয়া নিষেধ, কাৰণ এই বয়সত শিশুসকল বেয়া বস্তুৰ প্ৰতি সহজতেই আকৰ্ষিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *