বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত নাম বিহাৰৰ অনিল আগৰৱালাৰ

Share

পাটনাৰ চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰা বিহাৰৰ অনিল আগৰৱালাৰ নাম দেশৰ ১০০ জনৰ ধনী লোকৰ তালিকাত অন্তৰ্ভুক্ত হৈছে । বিশ্ববিখ্যাত আলোচনী ফৰ্বছে তেওঁৰ সম্পত্তি ২.৫ বিলিয়ন বুলি ঘোষনা কৰিছে । ফৰ্বছৰ তথ্য অনুসৰি ভাৰতৰ আটাইতকৈ ধনী লোকৰ ভিতৰত অনিল আগৰৱালৱাৰ ৯৭ স্থানত থকাৰ বিপৰীতে বিশ্বৰ ভিতৰত ৭২৮ স্থানত আছে । এনে সময়ত আকৌ এবাৰ  বিহাৰৰ অনিল আগৰৱালাৰ বিষয়ে চৰ্চা তীব্ৰতৰ হৈ পৰিছে।অনিল আগৰৱালাৰ ভাৰতৰ কৌটীপতি উদ্যোগপতিকলৰ ভিতৰত অতি চৰ্চিত হৈ পৰিছে ।বিশেষ কথাটো হল এইজন উদ্যোগপতি উদ্যোগিকভাৱে পিছপৰা ৰাজ্য বিহাৰৰ পৰা  আহিছে ।এই ডঙৰ উদ্যোগপতিজনে পাটনাৰ পৰা চৰকাৰী বিদ্যালয় মিলাৰ হাই স্কুলৰ পৰা শিক্ষা গ্ৰহন কৰিছিল । এতিয়া তেওঁলোকৰ ব্যৱসায় কেৱল ভাৰততে নহয় পৃথিবীৰ আন ঠাইতো সম্প্ৰসাৰিত হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *