গুৱাহাটীঃ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মণ্ডলক লৈ গ্ৰহণ কৰা ডাঙৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা সলনি হ’ব মণ্ডল পদৰ নাম আৰু এতিয়াৰে পৰা এই পদৰ নতুন নামাকৰণ কৰা হ’ব লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট নামেৰে।লগতে কেবিনেটে পূৰ্বে কোনো মণ্ডল জিলাৰ পৰা স্থানান্তৰণ কৰা নাছিল যদিও এতিয়াৰে পৰা এজন মণ্ডল এখন জিলাত ৫ বছৰ পৰ্যন্তলৈ থাকিব পাৰিব ।
তাৰ পিছতে অন্য জিলালৈ বদলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কেবিনেটৰ ৷তদুপৰি মণ্ডলৰ উপৰি কানানগো পদৰ নাম সলনি হৈ হ’ব লেণ্ড ৰেকৰ্ড চুপাৰভাইজাৰ ইন্সপেক্টৰ অফ লেণ্ড ৰেকৰ্ড জন লেণ্ড ৰেকৰ্ড ইন্সপেক্টৰ হ’ব৷ তাৰ পিছত পদোন্নতি লাভ কৰি লেণ্ড ৰেকৰ্ড অফিচাৰ হ’ব।