অসমৰে এখন ব্যতিক্ৰমী বিবাহ ! পিছে কি ব্যতিক্ৰম  এই বিবাহখন ?  বিয়াৰ  দিনাই  নদম্পতীহালে চৰ্তসাপেক্ষে  চুক্তিপত্ৰত কৰিলে স্বাক্ষৰ

Share

এক পবিত্ৰ বান্ধোনৰ প্ৰতীক হৈছে বিবাহ । যাৰ জৰিয়তে নিজস্ব ধৰ্মীয় ৰীতি-নীতি অনুসৰি যুগ্মজীৱনৰ পাতনি মেলা হয় । সেই অনুসৰি প্ৰাচীন কালৰে পৰা ভাৰতীয় সমাজ ব্যৱস্থাত প্ৰচলিত হৈ অহা ৰীতি-নীতি  মতে বিবাহৰ দৰে মাংগলিক অনুষ্ঠানসমূহ সম্পন্ন হৈ আহিছে যদিও বিগত সময়ছোৱাত ভাৰতৰ বহু দম্পতীয়ে তেওঁলোকৰ বিবাহৰ সময়ত পৰম্পৰা ভংগ কৰি নতুন নতুন পৰম্পৰাৰ জম্ম দিছে । পিছে তেনে এক পৰিপ্ৰেক্ষিততে এইবাৰ এনে এখন বিয়াক লৈ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সামাজিক মাধ্যম ।বিবাহখন অসমৰ । এহাল নৱদম্পতী ।নাম শান্তি আৰু মিন্টু । বিবাহপাশত দুয়ো আবদ্ধ হ’ল । ইমানলৈ ঠিকেই আছে ।

পিছে বিয়াৰ পাছত কৰিব লগা আৰু নকৰিবলগীয়া কামৰ চৰ্তাৱলীৰ সৈতে বিয়াৰ দিনাই দুয়ো চুক্তিপত্ৰত কৰিলে স্বাক্ষৰ । বিয়াৰ দিনাই ৱেডেলক ফটোগ্ৰাফী অসম নিমৰ এটা পেজে তেওঁলোকৰ ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰিছিল এটা ক্লিপ ।য’ত দেখা পোৱা গৈছিল কইনাই ৰঙা লেহেংগা পৰিধানেৰে দৰাৰ সৈতে স্বাক্ষৰ কৰিছিল চুক্তিপত্ৰত ।আৰু এই চুক্তিপত্ৰত স্বাক্ষৰ কৰা অনুসৰি  , ‘ প্ৰতিদিনে কইনাই পিন্ধিব লাগিব শাৰী , লগতে দেওবাৰে ৰাতিপুৱাৰ আহাৰ বনাব লাগিব স্বামীয়ে’ । তদুপৰি সপ্তাহৰ আন দিনবোৰত কোনে ৰান্ধিব তাৰ কোনো বিশেষ উল্লেখ নাই যদিও চুক্তিৰ তালিকাখনত এইটোও উল্লেখিত আছে যে – সদায়ে ঘৰুৱা খাদ্যৰ বাবে হয় বুলি ক’ব লাগিব । আনহাতে বিবাহ চুক্তিৰ অন্যান্য চৰ্তাৱলীসমূহৰ ভিতৰত আছে প্ৰতিমাহে এটাকৈ পিজা খোৱা , প্ৰতিদিনে জিমলৈ যোৱা , প্ৰতি ১৫ দিনৰ পাছত বজাৰ কৰা আৰু প্ৰতিটো পাৰ্টীত ভাল ফটো তোলা ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *