এজন ব্যতিক্ৰমী মুখ্যমন্ত্ৰী ! নিজে স্কুটী চলাই ছিগা মথাউৰি পৰিদৰ্শন

Share

গুৱাহাটী, ১৫ জুলাইঃ ৰঙিয়া, পুঠিমাৰী বানাক্ৰান্তৰ দুখৰ সমভাগী হ’ল মুখ্যমন্ত্ৰী। বৃহস্পতি ৰঙিয়াৰ বগৰীবাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ ভয়াবহ বানত বিধ্বস্ত হোৱা লোকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে ভগ্ন মথাউৰিও পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে দাৰ্জিলিং ভ্ৰমণ সামৰি বায়ুসেনাৰ বিশেষ হেলিকপ্টাৰেৰে পশ্চিম বংগৰ বাগদোগ্ৰাৰ পৰা আহি ৰঙিয়াৰ সেনা বাহিনীৰ হেলিপেডত অৱতৰণ কৰি পোনে পোনে ৰঙিয়াৰ বগৰীবাৰীলৈ ৰাওনা হয়। বগৰীবাৰীত উপস্থিত হৈয়েই মুখ্যমন্ত্ৰীয়ে নিজে স্কুটী চলাই পুঠিমাৰীৰ নদী ভগ্ন মথাউৰি কৰে। লগতে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই স্কুটীত মুখ্যমন্ত্ৰীক সংগ দিয়ে। মথাউৰি পৰিদৰ্শনকালত ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা , বি টি চিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী আৰু কিছু বিশেষ সদস্য আৰু মহকুমা প্ৰসাশনৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে জলসম্পদ বিভাগৰ বিষয়াসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীগৰাকীয়ে মথাউৰিৰ ওপৰেৰে প্ৰায় ৩ কিলো’মিটাৰ পথ স্কুটী চলাই পুঠিমাৰীৰ বাঢ়নি পানীয়ে ছিঙি পেলোৱা অংশত উপস্থিত হৈ জলসম্পদ বিভাগৰ বিষয়াসকলক মথাউৰি ভগাৰ কাৰণ সম্পৰ্কে প্ৰশ্ন কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে বগৰীবাৰীত পুঠিমাৰীৰ বাঢ়নি পানীয়ে সম্পূৰ্ণৰূপে গৃহহীন কৰা ১৭টা পৰিয়ালৰ লগতে ১৬০ টা সৰ্বাধিক ক্ষতিগ্ৰস্ত কৰা  পৰিয়ালৰ লোকৰ সৈতে মত বিনিময় কৰে তেওঁলোকৰ দুখৰ সমভাগী হয়। 

 

Leave a Reply

Your email address will not be published. Required fields are marked *