বাচন – বৰ্তন বিক্ৰী কৰি অসমলৈ গৌৰৱ কঢ়িয়ালে চয়ন দত্তই । বহু প্ৰত্যাসিত চন্দ্ৰযান ৩ উৎক্ষেপণ নিয়ন্ত্ৰণৰ দায়িত্বত অসম সন্তান ।
ভাৰতৰ তৃতীয়টো চন্দ্ৰ অভিযানৰ বাবে সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা। ভাৰতৰ বহু প্ৰতীক্ষিত চন্দ্ৰযান ৩ অভিযানক লৈ দেশবাসীয়ে অধীৰ উৎকন্ঠাৰে ১৪ জুলাই লৈ অপেক্ষা কৰাৰ সমান্তৰালভাৱে উত্ফুল্লিত ৰাজ্যবাসী। ১৪ জুলাইত উৎক্ষেপন হ’বলগীয়া চন্দ্ৰযান-৩ৰ উৎক্ষেপণ অভিযান নিয়ন্ত্ৰণ কৰিব অসম তথা লখিমপুৰৰ সন্তান চয়ন দত্তই। সমগ্ৰ দেশৰ বৈজ্ঞানিক সমাজৰ বাবে এক উল্লেখযোগ্য মুহূৰ্তৰ সূচনা কৰিবলগীয়া চন্দ্ৰযান-৩ৰ উৎক্ষেপণৰ সমভাগী হ’ব এগৰাকী অসমীয়াই। মহাকাশ বিজ্ঞানৰ ইউ আৰ ৰাও চেটেলাইট চেন্টাৰৰ বিজ্ঞানী হোৱাৰ উপৰিও অভিযন্তা হিচাপে কৰ্মৰত হৈ আছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেকট্ৰনিকছ যোগাযোগ অভিযান্ত্ৰিক বিভাগৰ প্ৰাক্তন ছাত্ৰ আছিল চয়ন দত্ত।
উল্লেখ্য যে “অন বৰ্ড কমাণ্ড টেলিমেট্ৰি ,ডাটা হেন্দলিং এণ্ড স্ট’ৰেজৰ দৰে গুৰু দায়িত্বত আছে দত্ত। দেশৰ মহাকাশ অভিযানত গুৰুত্বপূৰ্ণ ভূমিকাৰে উজ্জ্বলি উঠিছে চয়ন দত্ত। শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰিব চন্দ্ৰযান ৩। ১৪ জুলাইত উৎক্ষেপণ কৰিব চন্দ্ৰযান ৩।
চয়ন দত্তৰ এই সফলতাত উত্ফুল্লিত সমগ্ৰ ৰাজ্যবাসীৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়ো। এতিয়া চন্দ্ৰযান ৩ ৰ সফল উৎক্ষেপণৰ বাবে সকলোৱে অপেক্ষা কৰি আছে।