অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা

Share

এক অসম, ঐক্যবদ্ধ অসমৰ লক্ষ্যৰে অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা
সাম্প্ৰদায়িক তথা বিভেদৰ ৰাজনীতিৰ লগতে দুৰ্নীতি, ভ্ৰষ্টাচাৰ তথা একনায়কত্ববাদী শাসন ব্যৱস্থাৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাৰ লক্ষ্যৰে অসম জাতীয় পৰিষদে ধুবুৰীৰ পৰা শদিয়ালৈ সমন্বয়ৰ উদ্দেশ্যেৰে হাতত লৈছে এক প্ৰতিবাদী যাত্ৰা ৷ ২১ ছেপ্টেম্বৰ অৰ্থাৎ বৃহস্পতি বাৰৰ পৰা ধুবুৰীৰ পৰা এক অসম যাত্ৰা নামেৰে আৰম্ভ কৰা হ’ব এই যাত্ৰা ৷ শনিবাৰে বিষ্ণু-নিৰ্মলা ন্যাসত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সংবাদমেল যোগে সদৰী কৰে এই কথা ৷ অজাপৰ সভাপতিগৰাকীয়ে উল্লেখ কৰে যে, অসমৰ বিভিন্ন জিলা পৰিক্ৰমা কৰি যাত্ৰাৰ অন্ত পৰিব ৰাজ্যৰ পূৰ্ব দিশৰ শেষ সীমা শদিয়াত ৷ ২১ ছেপ্টেম্বৰৰ পুৱা ধুবুৰীৰ নেতাই ধুবুনী ঘাটত থকা মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই যাত্ৰা আৰম্ভ কৰিব ৷ ইয়াৰ পাছত পাচ পীৰ দৰগাহ শ্বৰীফত দোৱা লৈ ধুবুৰীৰ গুৰু টেগ বাহাদুৰ গুৰুদ্বাৰত প্ৰাৰ্থনা জনোৱাৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহ আৰু ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই যাত্ৰাত আগবাঢ়িব ৷ ইয়াৰ পূৰ্বে ২০ ছেপ্টেম্বৰত কোচবিহাৰৰ মধুপুৰ সত্ৰত দুয়োজনা গুৰুক সেৱা জনোৱা হ’ব ৷ এই যাত্ৰাত প্ৰতিদিনে দহ কিঃমিঃ খোজ কাঢ়িব অসম জাতীয় পৰিষদে ৷ এমাহতকৈ অধিক দিন চলিব এই যাত্ৰা ৷ যাত্ৰাপথত প্ৰতিগৰাকী নাগৰিকৰ কাষলৈ যোৱাৰ সংকল্প দলটোৰ ৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সংবাদমেলত আনুষ্ঠানিকভাৱে এক অসম যাত্ৰাৰ থিম পোষ্টাৰ আৰু ভিডিঅ’ মুকলি কৰে অসম জাতীয় পৰিষদে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *