নতুন বছৰৰ আৰম্ভনিতে ৰাজ্য চৰকাৰে দিলে এক ভাল খবৰ। ৰাজ্যৰ শিক্ষাবিভাগত পুনৰ অনুষ্ঠিত হব শিক্ষক নিযুক্তি প্ৰক্ৰিয়া। ৪,৫০০ নিম্ন আৰু উচ্চ প্ৰাথমিক শিক্ষকৰ পদৰ বাবে মুকলি কৰা হৈছে বিজ্ঞাপন। ২০২৬ বৰ্ষৰ ভিতৰত ১.৫ লাখ চৰকাৰি চাকৰি প্ৰদানৰ লক্ষ্য পুৰনৰ দিশে ৰাজ্য চৰকাৰ। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা। ১৫ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ dee.assam.gov.inত উপযুক্ত প্ৰাৰ্থীসকলে পদসমূহৰ বাবে কৰিব পাৰিব আবেদন। এই সন্দৰ্ভত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই লিখিছে –“আন এক সুখবৰ। ২০২৬ চনৰ ভিতৰত আমাৰ ১.৫ লাখ চৰকাৰি চাকৰি আগুৱাই আমি শীঘ্ৰেই ৰাজ্যত নিম্ন আৰু উচ্চ প্ৰাথমিক শিক্ষকৰ ৪,৫০০ পদৰ বাবে আমি মুকলি কৰিব গৈ আছোঁ। আবেদন পক্ৰিয়া ১৫ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ dee.assam.gov.inত মুকলি কৰি দিয়া হ’ব।“ লগতে সামাজিক মাধ্যমত শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱেওঁ এই সন্দৰ্ভত লিখিছে- “প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ৪৫০০ LP আৰু UP শিক্ষক নিযুক্তিৰ বিজ্ঞাপন মুকলি কৰা হৈছে।“