ডিব্ৰুগড়ত সংঘটিত হৈছে এক দুৰ্ঘটনা

Share
দেওবাৰে ডিব্ৰগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। নিশা প্ৰায় ১০ বজাত অসম চিকিৎসা মহাবিদ্যালয়ৰ বিশেষ সেৱা ব্লকৰ তৃতীয় মহলাৰ পৰা এখন চিলিং হঠাৎ খহি পৰাৰ পাছতে তাত থকা এগৰাকী নাৰ্ছ আঘাতপ্ৰাপ্ত হয়। যাৰ ফলত উত্তাপ্ত‌ হৈ‌ উঠে পৰিস্থিতি। উল্লেযোগ্য যে সেইটো মহলাতে আছিল হস্পতালখনৰ নিউৰ্লজি আৰু ইউৰ ‘লজিৰ দৰে গুৰুত্বপূৰ্ণ বিভাগসমূহ। সৌভাগ্য এই যে কোনো ৰোগী আঘাত হোৱা নাই।জানিব পৰা মতে অট্টালিকাটোৰ ঠিকা লৈছিল হায়দৰাবাদৰ কে,এম, ভি নামৰ এটা প্ৰতিষ্ঠানে। ২০১৬ চনত  নিৰ্মাণ কাৰ্য সমাপ্ত কৰিয়ে ২ বছৰ পূৰ্বে অৰ্থাত ২০২১ চনত এই প্ৰতিষ্ঠানটোৱে  হস্পতালক গতাই দিয়ে অট্টালিকাটো ।তাৰ পিছতে ২০১৬ ৰ পৰা আৰম্ভ হৈছিল চিকিৎসা সেৱা। কিন্তু অট্টালিকাটো গতাই দিয়াৰ পিছতে কৰ্তৃপক্ষই তাত বিভিন্ন বিসংগতি দেখিছিল আৰু লগে লগেই সংশ্লিষ্ট কৰ্তৃপক্ষক জনোৱা হৈছিল যদিও কোনোধৰণৰ ব্যৱস্থা নল’লে নিৰ্দ্ধাৰিত কৰ্তৃপক্ষই ।যাৰ ফলত এতিয়া কৰ্তৃপক্ষই বিভিন্ন অভিযোগ উত্থাপিত কৰিছে।এই পৰিপ্ৰেক্ষিতত ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে মেডিকেল কৰ্তৃপক্ষই থানত গোচৰ ৰিজু কৰিছে। এইফলে ডিব্ৰগড় জিলা কৰ্তৃপক্ষই এখন তদন্ত আয়োগ গঠন কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *