অমৃত কলহ অভিযানক লৈ আশাবাদী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা 

Share

গুৱাহাটী,২২ ছেপ্টেম্বৰ:অমৃত বৃক্ষৰ পিছতেই এইবাৰ ৰাজ্যত আৰম্ভ কৰা হৈছে অমৃত কলহ যাত্ৰাৰ । ২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা অমৃত কলহ যাত্ৰাৰ শ্লোগান হৈছে “মোৰ মাটি,মোৰ দেশ” । এই অভিযানৰ জৰিয়তে প্ৰতিখন চোতালৰ পৰা মাটি সংগ্ৰহ কৰি দিল্লীত থকা অমৃত বাটিকা উদ্যানলৈ নিয়া হ’ব। এই অমৃত কলহ অভিযান চলিব ১ অক্টোবৰলৈ । 

অমৃত কলহ অভিযানক লৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে গুৱাহাটীৰ পৰা ৰাজ্যৰ বিভিন্ন গাঁও আৰু পৌৰসভাৰ ৱাৰ্ডৰ পৰা সংগ্ৰহ কৰা ২৭০ টা মাটিৰ কলহ নতুন দিল্লীলৈ প্ৰেৰণ কৰাৰ বিপৰীতে সমান সংখ্যক কলহ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰখা হ’ব। এই মাটিৰ সহায়তেই গহপুৰত ৰাজ্যৰ প্ৰস্তাৱিত বৃহত্তম বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *