কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে দশম শ্ৰেণী পৰ্য্যন্ত হিন্দী বাধ্যতামূলক কৰা কাৰ্যক তীব্ৰভাৱে বিৰোধিতা কৰিছে আছুৰ মুখ্য উপদেষ্টা তথা নেছ’ৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই। কেন্দ্ৰৰ সিদ্ধান্তৰ তীব্ৰ সমালোচনা কৰি উত্তৰ পূবৰ ওপৰত হিন্দী ভাষা জাপি দিয়াৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায় ভট্টাচাৰ্যই।
তেখেতে উল্লেখ কৰে যে, মাতৃভাষাৰ স্বাৰ্থক জনাঞ্জলি দি দশম শ্ৰেণীলৈ হিন্দী বাধ্যতামূলক কৰা চৰকাৰী সিদ্ধান্তই উত্তৰ পূৰ্বাঞ্চলৰ জাতি-জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব। সেয়ে এই সিদ্ধান্ত বাতিল কৰিবলৈ তেওঁ দাবী কৰে। লক্ষণীয় কথাটো হ’ল যে, হিন্দী ভাষা কেৱল উত্তৰ-পূবত দশম শ্ৰেণীলৈকে বাধ্যতামূলক কৰাৰ বিৰুদ্ধে ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰভাৱে বিৰোধিতা কৰিছে বিভিন্ন দল সংগঠন আৰু ব্যক্তিয়ে । কিন্তু, অসম চৰকাৰেও কেন্দ্ৰৰ সিদ্ধান্তক সমৰ্থন কৰি সেই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ দিশে আগবঢ়া পৰিলক্ষিত হৈছে।