নিউজ ডেস্কঃ আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আহমেদাবাদত উদ্বোধন কৰিব ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সংগীত আৰু লগতে মুকলি কৰিব মেছকট। এই উদ্বোধনী কাৰ্য্যসূচী অনুষ্ঠিত হ’ব আহমেদাবাদৰ ই কে এ এৰীনা ট্ৰেন্স ষ্টেডিয়ামত। এই অনুষ্ঠানটিত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ সৈতে উপস্থিত থাকিব কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল। লগতে এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব প্ৰায় ৯ হাজাৰ অতিথি।
উল্লেখ্য যে, ৭ বছৰৰ পাছত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় ক্ৰীড়া। অহা ২৯ ছেপ্টেম্বৰৰ পৰা ১২ অক্টোবৰলৈ গুজৰাটত এই ক্ৰীড়া অনুষ্ঠিত হোৱাৰ উপৰিও আৰু ছয়খন চহৰত এই ক্ৰীড়া অনুষ্ঠিত কৰা হ’ব। এই অনুষ্ঠানটিত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ এটা ৱেবচাইট তথা মোবাইল ফোনৰ এপ্লিকেছনো সমগ্ৰ দেশবাসীৰ বাবে মুকলি কৰি দিয়া হ’ব।