ভাৰতীয় জ্যেষ্ঠ সাংবাদিকলৈ আমেৰিকাৰ সৰ্বোচ্চ সাংবাদিকতাৰ বঁটা

Share

জ্যেষ্ঠ সাংবাদিক ৰাণা আয়ুবলৈ প্ৰদান কৰা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বোচ্চ সাংবাদিকতাৰ বঁটা “জন অবুচন প্ৰেছ ফ্ৰীডম এৰ্ৱাড” ।  ৰাণা আয়ুব হৈছে এই সন্মানীয় বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় ।

এই বঁটা প্ৰদান অনুষ্ঠানত দিয়া ভাষণত ৰাণা আয়ুবে কয় – যি সময়ত তেওঁক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা খবৰ দিয়া হৈছিল ,সেই সময়ত তেওঁ আৰু তেওঁৰ সতীৰ্থই আত্মগোপন কৰি আছিল । কিয়নো  ৪ বছৰ পুৰণি এটা টুইটৰ বাবে তেওঁ আৰু তেওঁৰ সতীৰ্থ দুয়ো অভিযুক্ত হৈ আছিল ।

উল্লেখ্য যে ৰাণা আয়ুবে ভাৰতত মুছলমানসকলে ভুগি অহা বিভিন্ন সমস্যা আৰু তেওঁলোকৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বাতৰি লিখি আহিছিল।  

তেওঁ বঁটা গ্ৰহণ কৰি এক বিশেষ ভাষ্য প্ৰদান কৰে  “এই ভাষণৰ বাবে, মোৰ দেশে মোক ক’ব যে মই দেশপ্ৰেমহীন। মই বিশ্বাস কৰোঁ যে, মই ভাৰতবৰ্ষক পৃথিৱীৰ আন যিকোনো দেশতকৈ বেছি ভাল পাওঁ” ।

Leave a Reply

Your email address will not be published. Required fields are marked *