ডিজিটেল ডেস্কঃ অসম চৰকাৰে ১৫০ খন মৃত্যুঞ্জয় সেৱা মুকলি কৰিলে। আজি মুখ্যমন্ত্ৰীয়ে জনতা ভৱনত ফ্লেগ অফ অনুষ্ঠানত আনুষ্ঠানিক ভাবে ৮৩ খন এম্বুলেন্স সেৱা উন্মোচন কৰে। জনতা ভৱনত আজি এই ফ্লেগি অফ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকে ।
অনুষ্ঠানটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ২০০৮ চনৰ পৰা এই এম্বুলেন্স সেৱা আৰম্ভ হৈছিল।ৰাজ্যত বৰ্তমান প্ৰায় ৮০০ খন এম্বুলেঞ্চ সেৱা আছে। এই সেৱাই ১৯ লাখ গৰ্ভৱতী মহিলাক সুবিধা প্ৰদান কৰি আহিছে।মুখ্যমন্ত্ৰীয়ে কয় যে এই সমূহ বিনামূলীয়া স্বাস্থ্যসেৱাৰ বাবে ব্যৱহাৰ কৰা হ’ব।