মঙলবাৰে নিশা ৯ বাজি ৭ মিনিটত অম্বুবাচীৰ নিবৃত্তি

Share
চাৰিদিনীয়া অম্বুবাচী মেলাৰ অন্ত পৰাৰ পাছত আজি পুৱা ভক্তৰ বাবে খুলি দিয়া হয় মা কামাখ্যা মন্দিৰৰ মূল দুৱাৰ। মঙলবাৰে নিশা ৯ বাজি ৭ মিনিটত অম্বুবাচীৰ নিবৃত্তি ঘটে যদিও আজি পুৱা নৈমিত্তিক পূজা অৰ্চনাৰ পাছতে মা কামাখ্যা মন্দিৰৰ মূল দুৱাৰ ভক্তৰ বাবে খুলি দিয়া হয়। পুৱতি নিশাৰে পৰা মা কামাখ্যা ধামত অগণন ভক্তৰ লানি নিছিগা সোঁত। বিভিন্ন ৰীতি-নীতি পৰম্পৰাৰে দেশ তথা ৰাজ্যৰ ভক্তগণে পালন কৰিলে অম্বুবাচী। অম্বুবাচী মেলাৰ সময়ত নীলাচল পাহাৰৰ মা কামাখ্যা ধামত সমাগম হৈছিল লাখ লাখ ভক্ত-দৰ্শনাৰ্থীৰ। উল্লেখ্য যে, ২২ জুনৰ পৰা বন্ধ আছিল মা কামাখ্যা মন্দিৰৰ মূল দুৱাৰ। ২২ জুনত পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত হৈছিল অম্বুবাচীৰ প্ৰবৃত্তি। 

Leave a Reply

Your email address will not be published. Required fields are marked *