আশ্বৰ্যকৰ! ব্যক্তি এজনেই, কিন্তু দেহত বৃক্ক আছে তিনিটা

Share
নিউজ ডেস্ক: ২৫ আগষ্ট, অবিশ্বাস্য যেন লাগিলেও এটা সঁচা ঘটনা। এগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে তিনিটাকৈ বৃক্ক। উত্তৰ প্ৰদেশৰ কানপুৰ নিৱাসী সুশীল গুপ্তা নামৰ ব্যক্তিজন শেহতীয়াকৈ চৰ্চালৈ আহিছে তেওঁৰ তিনিটা বৃক্ক লৈ । বিজ্ঞানেও সহজে মানি ল’ব নোৱাৰা এই ঘটনা বহুতেই ভগৱানৰ মাহাত্ম্য বুলি অভিহিত কৰিছে। 
উল্লেখযোগ্য যে, ২০২০ চনত তেঁও মূত্ৰাশয়ত পাথৰ ধৰা পৰাত অস্ত্ৰোপচাৰৰ পুৰ্বেই আলট্ৰাচাউণ্ড কৰিছিল আৰু সেই সময়তে তেওঁৰ দেহত তিনিটাকৈ কিডনী ধৰা পৰে। চিকিৎসকে প্ৰথমে আলট্ৰাচাউণ্ডৰ বিসংগতি বুলি সন্দেহ কৰি পুনৰ আলট্ৰাচাউণ্ড কৰিবলৈ পৰামৰ্শ দিয়ে। সুশীল গুপ্তা পুনৰ আলট্ৰাচাউণ্ড কৰাত তেতিয়াও তিনিটা বৃক্ক ধৰা পৰে। তাৰ পিছতে তেওঁৰ দেহত এটা অতিৰিক্ত বৃক্কৰ উপস্থিতি সম্পৰ্কে নিশ্চিত হয় চিকিৎসকসকল । 
মৃত্যুৰ পিছত নেত্ৰদানৰ আগ্ৰহ ব্যক্ত কৰি আহিছে সুশীল গুপ্তাই । তেওঁ কয়,`মই মোৰ চকু দান কৰিব বিচাৰোঁ , কিন্তু কাৰোবাক যদি কেতিয়াবা বৃক্কাৰো প্ৰায়োজন হয়, তেতিয়াও মই সেয়া দান কৰিবলৈ সাজু। এয়া ভগৱানৰ চমৎকাৰ বুলিয়ে মই ভাৱো যে মোক এটা অতিৰিক্ত বৃক্ক ভগৱানে দিছে।’

Leave a Reply

Your email address will not be published. Required fields are marked *