আশ্চৰ্য্যজনক !  এগৰাকী অধ্যাপকে ঘূৰাই দিলে তেওঁৰ তিনিবছৰৰ দৰমহা ; পিছে কিয় এনে আদৰ্শবান পদক্ষেপ গ্ৰহণ কৰিলে বিহাৰৰ এইগৰাকী অধ্যাপকে ?

Share

 শিক্ষকসকল সমাজৰ বাবে সদায় আদৰ্শস্বৰূপ ।সমাজৰ দাপোণ । শিক্ষাৰ্থীসকলৰ ভৱিষ্যত । শিক্ষক হ’ল এডাল মমবাতিৰ দৰে যিয়ে নিজে গলি আনক পোহৰ দিয়ে । পিছে এনে পৰিপ্ৰেক্ষিততে এগৰাকী আদৰ্শবান শিক্ষকৰ আশ্চৰ্য্যজনক পদক্ষেপৰ আকৰ্ষণীয় ঘটনা পোহৰলৈ আহিছে । এই ঘটনাটি পোহৰলৈ আহিছে মুজাফ্ফাৰপুৰৰ ভীমৰাও আম্বেদকাৰ বিহাৰ বিশ্ববিদ্যালয়ৰ পৰা । ইয়াত , এগৰাকী অধ্যাপকে তেওঁৰ তিনি বছৰৰ দৰমহা ঘূৰাই দিছে বিশ্ববিদ্যালয়লৈ ।পিছে , কিয় দৰমহা ঘূৰাই দিলে বিহাৰৰ শিক্ষকগৰাকীয়ে ? তাক লৈ এতিয়া সকলোৰে মনত প্ৰশ্ন ! অধ্যাপকগৰাকীয়ে তিনি বছৰত এটাওঁ পাঠদান কৰিব নাপালে । যাৰ বাবে তেওঁ তিনিবছৰৰ দৰমহা ঘূৰাই দিয়াৰ সিদ্ধান্ত ল’লে ।

অধ্যাপকজনে তিনি বছৰ ধৰি বিশ্ববিদ্যালয়লৈ আবেদন লিখি পঠাইছিল যাতে তেওঁক এনে এখন মহাবিদ্যালয়ত নিযুক্তি দিয়ে য’ত ছাত্ৰ- ছাত্ৰীসকল পঢ়িবলৈ আহে । আনকি তিনি বছৰৰ দৰমহা ঘূৰাই দিয়া অধ্যাপকগৰাকীয়ে আন এখন মহাবিদ্যালয়ত নিযুক্তি দাবী কৰাৰ পাছতো বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নুশুনিলে তেওঁৰ কথা । এই কথাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি  নীতিশৱাৰ মহাবিদ্যালয়ত কৰ্মৰত সহকাৰী অধ্যাপক ড০ লালন কুমাৰে তেওঁৰ তিনি বছৰৰ সম্পূৰ্ণ দৰমহা , যাৰ পৰিমাণ হৈছে ২৩,৮২,২২৮ টকা বিশ্ববিদ্যালয়খনলৈ ঘূৰাই দিয়ে । আৰু একে সময়তে তেওঁ পদৰ পৰা পদত্যাগ কৰাৰো প্ৰস্তাৱ দিছে ।

অৱশেষত , দৰমহা ঘূৰাই দিয়াৰ সিদ্ধান্ত লৈ অধ্যাপকগৰাকীয়ে কয় যে –‘ কেইবাবাৰো দিয়া আৱেদন উপেক্ষা কৰাত মই অৱশেষত মোৰ বিবেকৰ কথা শুনি ২০১৯ ৰ পৰা ২০২২ চনৰ মে’লৈ প্ৰাপ্ত সকেলা দৰমহা বিশ্ববিদ্যালয়লৈ ঘূৰাই দিয়াৰ সিদ্ধান্ত লৈছোঁ । মই ল’ৰা- ছোৱালীক শিকাব বিচাৰো কিন্তু ল’ৰা- ছোৱালীবোৰ মোৰ মহাবিদ্যালয়লৈ নাহে গতিকে মই দৰমহা ল’ব নোৱাৰো । মোৰ মহাবিদ্যালয়ত শূন্যসংখ্যক শিক্ষাৰ্থীৰ বাবে, মই বিচাৰিলেও মোৰ দায়বদ্ধতা পালন কৰিবলৈ সক্ষম নহয় , এনে পৰিস্থিতিত দৰমহা গ্ৰহণ কৰাতো মোৰ বাবে অনৈতিক হ’ব ।

Leave a Reply

Your email address will not be published. Required fields are marked *