তিনিচুকীয়াত আলফা-আৰক্ষীৰ সংঘৰ্ষ

Share

নিউজ ডেস্ক,১১ জুলাইঃ  তিনিচুকীয়াৰ কুজুপথাৰত সংঘটিত হৈছে চাঞ্চ্যলকৰ ঘটনা। যিসময়ত আলফা সমস্যা সমূহৰ ওপৰত বিভিন্ন মাধ্যমৰ দ্বাৰা আলোচনা কৰি থকা হৈছে ঠিক সেই সময়তে উজনি অসমৰ বিভিন্ন অঞ্চলত আলফা সদস্যৰ উপস্থিতিত অসম আৰক্ষী এতিয়া চিন্তিত হৈ পৰিছে।অসমৰ বহু যুৱক-যুৱতী আলফা স্বাধীনলৈ গতি কৰাৰ পাছতেই ১ জুলাইত তিনিচুকীয়া জিলাৰ কাকপথাৰৰ দ’পথাৰত আলফা আৰু আৰক্ষীৰ মাজত সংঘটিত হৈছে এক সংঘৰ্ষ। আলফাৰ কেডাৰ জ্ঞান আসম ওৰফে সন্তোষ গগৈৰ আৰক্ষীৰ গুলীত নিহত হোৱাৰ পাছতেই  যোৱা নিশা তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৰ বৰডুমচাৰ কুজুপথাৰ অঞ্চলত আলফাৰ এটা দলে বাহৰ পাতি থকাৰ খবৰ লাভ কৰিছিল আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতিয়ে।তাৰ পাছতেই আৰক্ষীৰ এটা দলৰ সৈতে গুলীয়াগুলীত লিপ্ত হয় বাহৰ পাতি থকা আলফাৰ দলটো।

উল্লেখ্য যে, প্ৰায় ২০ মিনিত সময় আলফা আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ হোৱাৰ পাছত আলফাৰ দলটো ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।শনিবাৰে হৈ যোৱা এই ঘটনাৰ ফলত অঞ্চলটোত এতিয়া তীব্ৰ উত্তেজনাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *