যোৱা ২৯ মাৰ্চৰ সন্ধিয়া অনুস্থিত হোৱা অসম বিধানসভাৰ BAC (Business Advisory Committee) বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি বিধানসভাৰ ৩ এপ্ৰিলৰ সকলোবোৰ কাৰ্যসূচী ৬ এপ্ৰিলত অনুস্থিত হব।৫ এপ্ৰিলত বিধানসভা অধিৱেশনত ৰৈ যোৱা বিধেয়কসমূহ আৰু অন্য কাৰ্যসূচীক লৈ আলোচনা অনুস্থিত হব।উল্লেখযোগ্য যে, পূৰ্বৰ সূচী অনুসৰি বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিন আছিল ৫ এপ্ৰিল। কিন্তু এতিয়া BAC ৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে ৬ এপ্ৰিল পৰ্যন্ত বৃদ্ধি পাব চলিত বিধানসভাৰ বাজেট অধিৱেশন।
তদুপৰি বৃহস্পতিবাৰে প্ৰশ্নোওৰ শিতানেৰে বিধানসভাৰ অধিৱেশন আৰম্ভ হয়। শিক্ষা বিভাগৰ আৰু পঞ্চায়ত, গ্ৰামোন্নয়নৰ বিভিন্ন প্ৰশ্নোওৰেৰে বিধানসভাৰ অধিৱ্শেন আৰম্ভ হয়।