ছিপাঝাৰৰ গৰুখুটিৰ উচ্ছেদ অভিযানৰ সমস্ত বিৱৰণী

Share

ছাদ্দাম হুছেইন, ২৪ ছেপ্তেম্বৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰ খনে ছিপাঝাৰৰ ধলপুৰৰ গৰুখুটিত এক কৃষি প্ৰকল্পৰ বাবে চৰকাৰে বাজেট নিৰ্ধাৰণ কৰি কাম আৰম্ভ কৰিছিল। এই কৃষি প্ৰকল্পৰ পৰ্যৱেক্ষণৰ বাবে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক তত্ববধায়কৰ দায়িত্ব অৰ্পণ কৰিছিল।

ছিপাঝাৰৰ এই গৰুখুটিত দীৰ্ঘদিন ধৰি অবৈধ বেদখলকাৰীয়ে হাজাৰ-হাজাৰ বিঘা মাটি দখল কৰি বসবাস কৰি আছিল। কৃষি প্ৰকল্পৰ বাবে চৰকাৰ তথা প্ৰশাসনে বিগত কেইদিন মানৰ পৰা গৰুখুটিত উচ্চেদ অভিযান অব্যাহত ৰাখিছিল। এই  উচ্চেদ অভিযানত বৃহস্পতিবাৰে আৰক্ষী প্ৰশাসন আৰু অবৈধ বেদখলকাৰীৰ মাজত সংঘটিত হয় এক ভয়ংকৰ তথা অপ্ৰীতিকৰ পৰিস্থিতি। যাৰফলত নিহত হয় দুগৰাকীকৈ অবৈধ বেদখলকাৰীৰ লোক আৰু আহত হয় আঠ গৰাকীকৈ আৰক্ষী প্ৰশাসনৰ লোক।

ধলপুৰৰ তিনি নং খন্ডত প্ৰশাসনে সাত শ আৰক্ষীৰ লোক লৈ প্ৰায় পাঁচ শ বিঘা ভূমিত যোৱাকালি চলাইছিল উচ্চেদ অভিযান। তেনে সময়ত হাজাৰ-হাজাৰ বেদখলকাৰীয়ে হাতে-হাতে লাঠি, জোং, দা, আদি লৈ আৰক্ষীৰ সৈতে এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰে। অৱশেষত আৰক্ষীয়ে কন্দুৱা গেছ, শূন্যলৈ গুলী চালনা কৰিহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

গৰুখুটি কৃষি প্ৰকল্পত ভয়ংকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ পাছতো সুদক্ষতাৰে সকলো নিয়ন্ত্ৰণ কৰিছিল দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই। উচ্চেদিত লোকসকলক প্ৰথমে চৰকাৰী ভূমি বেদখল মুক্ত কৰিবলৈ আহ্বান জনাইছিল। আৰু চৰকাৰৰ দায়িত্ব মানি কৰ্তব্য সমাপন কৰিছিল।

আনহাতে এই অপ্ৰীতিকৰ ঘটনা সন্দৰ্ভত গৰুখুটি কৃষি প্ৰকল্পৰ তত্বাৱধায়ক তথা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই সংবাদমেল যোগে ঘটনাৰ সমস্ত বিৱৰণী দিয়ে। বিধায়ক জনে কয় যে এই অপ্ৰীতিকৰ ঘটনাৰ বাবে নিশ্চয় কাৰোবাৰ উচটনি আছে। কাৰণ বেদখলকাৰী সকলে জিলা প্ৰশাসনক দিয়া সকলো চৰ্ত মানি লোৱাৰ পাছতো কিয় এই ঘটনা সংঘটিত হল। লগতে তেওঁ কয় যে চৰকাৰে এই ঘটনাৰ সমস্ত তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি দিব লাগে। কোনোপধ্যেয় কৃষি প্ৰকল্পৰ কাম বন্ধ নহয়।

ঘটনাটোক কেন্দ্ৰ কৰি ৰাজনৈতিক দল সমুহৰ মাজতো সৃষ্টি হৈছে বাকযুদ্ধ। বিৰোধী কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে কয় যে গৰুখুটিৰ উচ্চেদিত লোকসকল সম্পুৰ্ণ ভূমিহীন, যথেষ্ট দুখেৰে তাত বসবাস কৰি আছিল কিন্তু চৰকাৰে কোনো ব্যৱস্থা নোলোৱাকৈ লোকসকলক উচ্চেদ কৰাটো খুবেই নিন্দনীয়।

এ.আই.ইউ.ডি.এফ বিধায়ক ডঃ ৰফিকুল ইছলামেও ঘটনাটোক ধিক্কাৰ জনায় আৰু চৰকাৰক কঠোৰ সমালোচনা কৰে। তেওঁ এই ঘটনাটোক এটি সম্পুৰ্ণ অমানৱীয় ঘটনা বুলি আখ্যা দি কয় যে ৰাতি ১২ বজাত উচ্চেদৰ জাননী দি ৰাতি পূৱা ৬ বজাত প্ৰশাসনে উচ্চেদ কৰিবলৈ যোৱাটো সম্পুৰ্ণ অন্যায়।

ইফালে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) য়ে ঘটনাটো সন্দৰ্ভত বহুতো ক্ষোভ প্ৰকাশ কৰে, চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় এই চৰকাৰ খনে অসমত মিঞা জনগোষ্ঠীৰ উন্নয়ন, অস্থিত্ব, কোনোপধ্যেয় নিবিচাৰে। আজি আমছুৰ কেন্দ্ৰীয় নেতৃত্ব আৰু দৰং জিলা সমিতিয়ে সম্পুৰ্ণ দৰং জিলাখন ১২ ঘন্টীয়া বন্ধ কাৰ্যসুচী হাতত লয়।

সেয়েহে যোৱাকালিৰ এই উত্তেজনাময় পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি আজি প্ৰশাসনে ছিপাঝাৰৰ গৰুখুটিত উচ্চেদ কাৰ্য্য বন্ধ ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *