ফাৰমিনা আহমেদ,২৫ অক্টোৱৰঃউচ্চতম ন্যায়লয়ৰ নিৰ্দেশ মৰ্মে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ন’টা ‘এনিমেল কৰিড’ৰ’ত সকলোধৰণৰ নিৰ্মানকাৰ্য কাম বন্ধ ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰিছে।এই নিৰ্দেশনা মৰ্মে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে কলিয়াবৰ মহকুমাৰ অন্তৰ্গত এনিমেল কৰিডৰত ৭খন ঠাইত ১৪৪ ধাৰা জাৰি কৰিছে।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তপক্ষই চিহ্নিত কৰি দিয়া এই স্থানবোৰ হল দ্বাৰ-বাগৰি মৌজাৰ বাগৰি,হাৰমতিৰ কাঞ্চনজুৰি,হাতীদন্ডী,ডেওচুৰ,চিৰাং আৰো আমগুৰি।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে অতিৰিক্ত কৰা কলিয়াবৰ ৰাজহচক্ৰৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ এই ৭ টা এনিমেল কৰিডৰত বলবত হোৱা ১৪৪ ধাৰা ভংগ কৰিলে ভংগকাৰী বিৰদ্ধে আইনগত ব্যৱস্থা লোৱা হ’ব বুলিও প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে।