আয়োজিত কৰা হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ত সদৌ অসম লোক সংস্কৃতি কুইজ প্ৰতিযোগিতা

Share

গুৱাহাটী,১৭ আগষ্টঃ ২২ আগষ্ট সোমবাৰে বিশ্ব লোক সংস্কৃতি দিৱস উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ত স্থাপিত লোক সংস্কৃতি গৱেষণা বিভাগৰ ৫০ বৰ্ষ পূৰ্তি অৰ্থাৎ সোণালী জয়ন্তী উপলক্ষে অসম ভিত্তিত উত্তৰ পূৱ- ভাৰতৰ লোক সংস্কৃতি বিষয়ক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত ভৱনত অনুষ্ঠিত হবলগীয়া এই প্ৰতিযোগিতাখনত স্নাতক পৰ্যায়ৰ পৰা পি.এইচ.ডি গৱেষণাত ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰিব অংশগ্ৰহণ ৷ এই কুইজ প্ৰতিযোগিতাখনত পৰিচালক দীপাংকৰ কৌশিকৰ পৰিচালনাত অনুষ্ঠিত হ’ব লগীয়া প্ৰতিযোগিতাখনত তিনিটা বিজয়ী দললৈ ট্ৰফী, প্ৰমাণ পত্ৰ লগতে ১০,০০০ ,৭,৫০০,৫০০০ টকাৰ নগদ ধন পুৰস্কাৰ হিচাপে বিজয়ী দলসমূহলৈ প্ৰেৰণ কৰা হ’ব ৷

উল্লেখ্য যে , কুইজ প্ৰতিযোগিতাখনৰ পঞ্জীয়নৰ সময় ৰাতিপুৱা ৯ বজাৰ পৰা আৰম্ভ হৈ ৯:৩০ মিনিটলৈ সময় নিৰ্ধাৰিত কৰাৰ পিছত দহ বজাৰ পৰা আৰম্ভ কৰিব কুইজ প্ৰতিযোগিখন ৷প্ৰতিযোগিতাৰ নিয়ম অনুসৰি দল এটাত দুজনকৈ প্ৰতিযোগী থাকিব লগতে পঞ্জীয়নৰ সময়ত দলৰ দুয়োগৰাকী প্ৰতিযোগীয়ে নিজৰ নিজৰ পৰিচয় পত্ৰ দিব লাগিব ৷ এই প্ৰতিযোগিতাখনৰ লগত জড়িত যিকোনো ধৰণৰ বাবে ৯৬১৩৬১৪৭৬৮,৮১৩৫০৩৩৮৬১,৭০০২৬৮৩২৬৯ আৰু ৯০৮৫০৬৭৯৮৫ নম্বৰকেইটাত বিভাগটোৰ তৰফৰ পৰা যোগাযোগ কৰিব পাৰিব বুলি উল্লেখ কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *