৭ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱসাগৰ জিলাত সদৌ অসম ভাওনা সমাৰোহ

Share

গুৰুজনাৰ সংস্কাৰৰ মুখ্য উপাদান ভাওনা সংস্কৃতি। আজিৰ পৰা ৫৭৬ বছৰ আগতেই ১৪৪৯ খ্রীষ্টাব্দত মহাপুৰুষ গুৰুজনাৰ আৰ্বিভাৱৰ আগৰ সময়ছোৱাত অসম তথা সমগ্ৰ ভাৰতভূমিত দুষ্কৃতিৰ কর্মকাণ্ড আৰু বহু অৰাজকতাই বিৰাজ কৰিছিল। তেনে এক ঐতিহাসিক প্রয়োজনীয় ক্ষণতে মধ্য অসমৰ বৰদোৱাত পৰমপুৰুষে অৱতৰণ কৰি পূৰ্ণ মানৱী লীলা প্রদর্শনেৰে দেশ, জাতি, সাহিত্য, সংস্কৃতিকে আদি কৰি মানৱতাৰ সকলো উপাদানেৰে সমাজখন সংস্কাৰ কৰিবলৈ চেষ্টা কৰিছিল৷ শিৱসাগৰ জিলাৰ ধিতাইপুখুৰীত ২৪ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈকে এই ভাওনা সংস্কৃতিক প্রতিযোগিতামূলক ৰূপে বিশ্লেষণাত্মক দৃষ্টিভংগীৰে তুলি ধৰি, গুৰুজনাৰ ভাবৰাশিক নৱ মূল্যায়ন কৰি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ মানসেৰে অনংগ মোহন সাংস্কৃতিক গোষ্ঠীয়ে এখনি সদৌ অসম ভাওনা সমাৰোহ সাতদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে।

সদৌ অসম ভাওনা সমাৰোহত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ মুঠ ৬ ভাগী নামঘৰত ভ্ৰাম্যমাণ হিচাপে ১২ খনকৈ ভাওনা প্ৰদৰ্শিত হ’ব৷এই সমাৰোহৰ প্ৰথমদিনা ২৪ অক্টোবৰত উদযাপন সমিতিৰ সভাপতি ৰমেন দত্তই পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব।প্ৰথমদিনা ভাওনা খলা উদ্বোধনৰ পিছতে গোলাঘাট গোঞ্জমালি সাংস্কৃতিক গোষ্ঠীয়ে “ঔৰ্ব ঋষিৰ অভিশাপ দূৰ্বাশাৰ দৰ্পচূৰ্ণ” আৰু শিৱসাগৰৰ ত্ৰিমূৰ্তি শিল্পী সমাজে “কুশ বৰ্জন” ভাওনা পৰিবেশন কৰিব৷

দ্বিতীয় দিনা নাজিৰা সুদৰ্শন নাট্যগোষ্ঠীৰ দ্বাৰা “শকুনিৰ প্ৰতিশোধ দুৰ্যোধনৰ উৰুভংগ” আৰু শিৱসাগৰ অনিৰুদ্ধ শিল্পী সমাজৰ দ্বাৰা “অম্বাৰ দেহত্যাগ” ভাওনা পৰিবেশন কৰিব৷তৃতীয়দিনা শিমলুগুৰি কেন্দ্ৰীয় নামঘৰত যোৰহাটৰ শিল্প সমাজে “সিন্ধুমুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ” আৰু যোৰহাট কৃষ্ণ শংকৰ শিল্পী সমাজে ”বিপ্ৰ দামোদৰ আখ্যান’’ ভাওনা ভাগি প্ৰদৰ্শন কৰিব৷

চতুৰ্থদিনা সন্ধ্যা লোনপুৰীয়া বিষ্ণুপুৰ বৰনামঘৰত ভেলেগুৰি শিল্পী সমাজে “মৎস্য অৱতাৰ” আৰু আমগুৰি মুৰুলী শিল্পী সমাজে “গজকেতু উপাখ্যান” পৰিবেশন কৰিব৷ পঞ্চম দিনা সন্ধ্যা বাকচু ভাটি চুবুৰী নামঘৰত যোৰহাট গুৰু শংকৰ নাট্যগোষ্ঠীয়ে “নাৰদৰ ব্ৰক্ষ্মতত্ব লাভ, বেদৱতী উপাখ্যান” আৰু শলগুৰি শংকৰী কলাকৃষ্টি কেন্দ্ৰৰ শিল্পীসকলে “কচ দেবযানী উপাখ্যান” ভাওনা প্ৰদৰ্শন কৰিব৷ষষ্ঠ দিনা সন্ধ্যা গোমোঠা শংকৰদেৱ নামঘৰত “মুচুকুণ্ডৰ জনাৰ্দন দৰ্শন,জৰাসন্ধ বধ”ভাওনা ভাগি যোৰহাটৰ প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘই আৰু শিৱসাগৰ দিখৌমুখৰ ত্ৰিভংগী সাংস্কৃতিক গোষ্ঠীয়ে “বুধ তনয়ৰ সুৰভী প্ৰাপ্তি, হৰ গৌৰীৰ ৰুৰু সংহাৰ” ভাওনা প্ৰদৰ্শন কৰিব৷

উল্লেখযোগ্য যে ৩০ অক্টোবৰ অৰ্থাৎ অন্তিম দিনা গোমোঠাত সমাৰোহ তথা ভাওনা প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব লগতে সন্ধ্যা অনঙ্গমোহন সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা “নৃসিংহ অৱতাৰ” পৰিবেশন কৰা হ’ব৷ভাওনা সমাৰোহৰ আটাইকেইটা দিনত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *