বিকল্প শক্তিক লৈ শংকিত মামা! এইবাৰ  ‘অৰুণোদয় আঁচনি’ৰ প্রতিশ্রুতিৰে নিৰ্বাচনী প্রচাৰ মুখ্যমন্ত্রীৰ 

Share
গুৱাহাটী,২০ এপ্রিলঃ সমাগত গুৱাহাটী পৌৰ নিগম নিৰ্বাচন । নিৰ্বাচনৰ বাবে ককাঁলত টঙালী বান্ধিছে প্রতিটো ৰাজনৈতিক দলে । তুংগত উঠিছে শাসক বিৰোধীৰ প্রচাৰ অভিযান । তদুপৰি, পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ বাবে মিত্রজোঁটৰ প্রাৰ্থীক নিৰ্বাচিত কৰিবলৈ উঠিপৰি লাগিছে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা । শেহতীয়াকৈ , অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন তথা নীতি –  আদৰ্শৰে পৰিচালিত আম আদমী পাৰ্টীৰ নিৰ্বাচনী প্রচাৰে এইবাৰ চমকপ্রদ সৃষ্টি কৰিছে।  আপৰ নিৰঅবাচনী প্রচাৰ সভাত মানুহৰ সমাগম বৰ্ধিত হাৰত হোৱা পৰিলক্ষিত হৈছে । কিয়নো, আপে যি ৩৯ টা ৱাৰ্ডৰ বাবে প্রতিদ্বন্দ্বিতা কৰিছে , তাৰে অধিকাংশই হৈছে ৩০-৩৫ বছৰ বয়সৰ প্রাৰ্থী ।
আনফালে , আপৰ প্রতি যুৱপ্রজন্মৰ আকৰ্ষণ অভাৱনীয় হাৰত বৃদ্ধি হোৱাৰ পৰিপ্রেক্ষিততে দৈনিক তিনি – চাৰিখনকৈ নিৰ্বাচনী প্রচাৰ সভাৰ অংশগ্ৰহণত নামি পৰিছে খোদ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ইতিমধ্যেই , বিজেপিৰ ৬০ জন বিধায়কে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী প্রচাৰ চলাই আছে ।দলৰ সকলো শীৰ্ষ নেতা প্রতিটো ৱাৰ্ডলৈ গৈ প্রতিটো ৱাৰঅডৰ উন্নয়ণৰ কামৰ প্রসংগত প্রতিশ্রুতিৰ জয়ঢোল বজাইছে । সমান্তৰালকৈ , বিজেপিৰ এনে প্রতিশ্রুতি আৰু প্রচাৰৰ সময়তে আপৰ প্রাৰ্থীৰ প্রচাৰো প্রায় তুংগত উঠিছে । হঠাৎ গুৱাহাটীত আপৰ প্রচাৰ  তুংগত উঠা বাবেই মুখ্যমন্ত্রীয়ে  ব্যাপকভাৱে নিৰ্বাচনী প্রচাৰত নামি পৰিছে ।
নিৰ্বাচনী প্রচাৰ  সভাসমূহত ভাষণ প্রদান কৰি বিভিন্ন  প্রতিশ্রুতিসমূহৰ সৈতে মন্তব্য কৰে যে — ” গুৱাহাটীত  খোৱাপানী যোগানৰ বাবে ৰাজ্য চৰকাৰে জাইকা প্রকল্পৰ কাম আৰম্ভ কৰিছে ।” সমান্তৰালকৈ , অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যাও বৃদ্ধি কৰাৰ প্রতিশ্রুতি দিয়ে মুখ্যমন্ত্রীগৰাকীয়ে । তেওঁ কয় যে —” গুৱাহাটীৰ ৬০ টা ৱাৰ্ডৰ ৬০,০০০ টা পৰিয়ালে অৰুণোদয় আঁচনিৰ ধন পাব ।প্রতিটো পৰিয়ালক জুলাই মাহৰ পৰা এই আঁচনিৰ অধীনত ১২৫০ টকাকৈ দিয়া হ’ব । চৰকাৰী কৰ্মচাৰীয়ে যেনেদৰে দৰমহা পায় ঠিক তেনেকৈ গুৱাহাটীৰ ৬০,০০০ পৰিয়ালক মাহে টকা দিয়া হ’ব ।” তদুপৰি মহানগৰৰ লুটুপাত বিজেপি প্রাৰ্থীৰ হৈ প্রচাৰ চলাই কয় যে – ড্রাগছ আৰু অপৰাধমুক্ত গুৱাহাটী চৰকাৰৰ অন্যতম লক্ষ্য । দক্ষিণ -পূৱ এছিয়াৰ অন্যতম মহানগৰ হিচাপে চিহ্নিত হ’ব গুৱাহাটী

Leave a Reply

Your email address will not be published. Required fields are marked *