বিধানসভাৰ অধিৱেশনত দ্বিতীয় দিনাও সদনৰ পৰা বহিস্কাৰ অখিল গগৈক

Share

মংগলবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাও সদনৰ পৰা বহিষ্কাৰ কৰা  হৈছিল অখিল গগৈক। আজি পুনৰ মেঘালয় বিতৰ্কৰ সময়তে মন্ত্ৰী অতুল বৰা আৰু অখিল গগৈৰ মাজত সৃষ্টি হোৱা দেখা যায় কিছু বাক বিতৰ্কৰ। অখিল গগৈৰ কিছুমান অশালীন মন্তব্যত অসন্তুষ্ট হৈ পৰে অধ্যক্ষ বিশ্বজিত দৈমাৰী। যাৰ বাবে অখিল গগৈক আজি পুনৰ  সদনৰ পৰা বহিস্কাৰ কৰা হয়। 

আনহাতে বিধায়ক দিগন্ত কলিতাই  অখিল গগৈক ২০২৪ৰ ডিচেম্বৰলৈ নিলম্বন কৰিব লাগে বুলি মন্তব্য কৰে। উল্লেখযোগ্য় যে অধিৱেশনৰ প্ৰথম দিনাও  প্ৰশ্নউত্তৰকালীন ঘন্টাৰ পৰা বহিষ্কাৰ কৰা হৈছিল অখিল গগৈক।

Leave a Reply

Your email address will not be published. Required fields are marked *