কা আন্দোলনৰ এটি গোচৰত যোৰহাটৰ আদালতত হাজিৰ হ’ল অখিল গগৈ

Share

গুৱাহাটী,২১ জুলাইঃ কা আন্দোলনৰ এটা গোচৰত ২০ জুলাইত যোৰহাটৰ  আদালতত হাজিৰ হয় অখিল গগৈ।

শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰদলৰ সভাপতি অখিল গগৈ । ২০১৯ চনৰ ১২ ডিচেম্বৰত কা আন্দোলনত যোৰহাটৰ

পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । সেই গোচৰটোত ইতিমধ্যেই এবাৰ বিধায়ক গৰাকীয়ে আদালতত হাজিৰ হৈছিল ।

আজি গোচৰতো চাৰ্জ ফ্ৰেমিঙৰ সম্পৰ্কত আৰগুমেন্ট হৈছিল বুলি কৃষক নেতা গৰাকীয়ে  জনাইছে ।

লগতে তেওঁ বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক অতি সোনকালে জেলৰ পৰা মুকলি দিব লাগে বুলি আশা কৰিছিল আৰু সেই আশা বাস্তৱত পৰিণত হৈ আজি বৰ্ষাশ্ৰী বুঢ়াগোহাঁই জামিন দিয়া হ’ল ।

আনহাতে অখিল গগৈয়ে পংকজ পাঠকৰ সন্দৰ্ভত কয় যে ৰাইজৰ দলৰ জাতীয় নাৰী বাহিনীয়ে পংকজ পাঠকৰ বিৰুদ্বে যোৰহাটৰ সদৰ থানাত গোচৰ ৰুজু কৰিছে । মই নাৰীৰ লগত আছো

Leave a Reply

Your email address will not be published. Required fields are marked *