বিমল পান মচলাৰ বিজ্ঞাপন দি বিপদত  অজয় দেৱগণ ! ছ’চিয়েল মিডিয়াত হিন্দী ভাষাক লৈ অজয় আৰু কিচ্চা সুদীপৰ বিতৰ্কৰ মাজতে এইবাৰ ট্রেণ্ডিং ‘বিমল’

Share
ডিজিটেল ডেস্ক ,৩০ এপ্রিলঃ বলীউড জগতৰ এখন চৰ্চিত মুখ তথা অভিনয় । বলীউডৰ প্রবীণ প্রখ্যাত অভিনেতা অজয় দেৱগণ আৰু দক্ষিণ ভাৰতীয় চলচ্চিত্র তাৰকা কিচ্চা সুদীপে হিন্দী ভাষাক লৈ সামাজিক মাধ্যমত বিতৰ্কত লিপ্ত হোৱা পৰিলক্ষিত হৈছিল । হিন্দী ভাষাক লৈ দুয়োপক্ষই নিজা নিজা যুক্তি দৰ্শাইছিল । কিন্তু এই সকলোবোৰৰ মাজতে এইবাৰ টুইটাৰত ট্রেণ্ডিং আৰম্ভ হ’বলৈ লয় বিমল পান মচলাও ।ভাষা বিতৰ্ক অব্যাহত থকাৰ সময়তে ব্যৱহাৰকাৰীসকলে ধপাত সামগ্ৰী কোম্পানীৰ এডক লৈ অজয় দেৱগণক সমালোচনা কৰিবলৈ লয় ।
তদুপৰি , ব্যৱহাৰকাৰীসকলে অজয় দেৱগণক এটা হেছ টেগ #vimal pan Masala  সৈতে ট্র’ল দিবলৈ আৰম্ভ কৰে । কোনোৱে কৈছিল যে , অজয়ে বিমলৰ বিজ্ঞাপনৰ পৰা মনোযোগ আঁতৰাবলৈ এই বিতৰ্কৰ জন্ম দিছিল , তাৰ পাছত কোনোৱে তেওঁক এনে বিজ্ঞাপন নকৰিবলৈ পৰামৰ্শ দিছিল । দৰাচলতে , বিগত দিনত , দক্ষিণ চলচ্চিত্র উদ্যোগৰ হিট খলনায়ক হিচাপে পৰিচিত কিচ্চা সুদীপৰ এটা সাক্ষাৎকাৰৰ ভিডিঅ’ ক্লিপ পোহৰলৈ আহিছিল । য’ত তেওঁ হিন্দী ভাষাক লৈ কৈছিল যে -“ই আমাৰ ৰাষ্ট্রীয় ভাষা নহয় ।” কিচ্চাৰ বক্তব্যৰ প্রতিক্রিয়া ব্যক্ত কৰি অজয় দেৱগণে কয় যে  , ” যদি হিন্দী আমাৰ ৰাষ্ট্রীয় ভাষা নহয় তেন্তে আপুনি আপোনাৰ মাতৃভাষাৰ চলচ্চিত্রসমূহ হিন্দীত ডাব কৰি কিয় মুক্তি দিয়ে ? হিন্দী  আমাৰ মাতৃভাষা আৰু ৰাষ্ট্রীয় ভাষা আছিল আৰু সদায় থাকিব । অজয়ৰ এনে মন্তব্যৰ পাছত , কিচ্চাই উত্তৰ দিছিল যে – ” তেওঁ যি প্রসংগত কথাটো কৈছিল সেয়া বহুত বেলেগ  ধৰণে লোৱা  হৈছিল । মোৰ কোৱা কথাটো কাৰো আনুভূতিক আঘাত কৰা বা বিবাদ বৃদ্ধি কৰা নাছিল । কিন্তু ইমানতে এয়া সমাপ্ত হোৱা নাছিল । অজয় আৰু কিচ্চাৰ মাজত ‘ টুইটাৰ যুদ্ধ ‘ দীৰ্ঘদীন ধৰি চলিয়েই আছে য’ত তেওঁলোক দুয়োজনে নিজৰ নিজৰ মন্তব্য আগবঢ়াইছিল । সামাজিক মাধ্যমত এই বিষয়টোৱে ট্রেণ্ডিংত থকাৰ সময়তে আন এটা নাম ট্রেণ্ডলৈ আহিছে আৰু সেই নামটো হৈছে বিমল ।

Leave a Reply

Your email address will not be published. Required fields are marked *