AIUDFৰ নেতা আৰু হাইলাকান্দিৰ প্ৰাক্তন বিধায়কৰ কংগ্ৰেছত যোগদান

Share

এক ৰাজনৈতিক পৰিৱৰ্তনৰ বাবে বুধবাৰে AIUDFৰ প্ৰাক্তন বিধায়ক আনোৱাৰ হুছেইন লস্কৰে কংগ্ৰেছত যোগদান কৰে।

আনোৱাৰ হুছেইন লস্কৰ AIUDFৰ এজন প্ৰধান নেতা আৰু হাইলাকান্দি বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল। ২০২১ৰ অসম বিধান সভা নিৰ্বাচনত AIUDFৰ পৰা টিকট লাভ কৰাত ব্যৰ্থ হৈছিল প্ৰাক্তন বিধায়কজন।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ আৰু আন কেইবাজন নেতা-কৰ্মীৰ উপস্থিতিত আনোৱাৰ হুছেইন লস্কৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে ‘অসমীয়া প্ৰতিদিন’ কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছিল যে বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDF দলৰ কেইবাগৰাকী নেতা-বিধায়ক অনতিপলমে কংগ্ৰেছত যোগ দিব। ইয়াৰ পূৰ্বে পশ্চিম গোৱালপাৰাৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলেও উল্লেখ কৰিছিল যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে AIUDFৰ সকলো বিধায়ক কংগ্ৰেছত যোগদান কৰিব।

সি যি কি নহওঁক, যি সময়ত কংগ্ৰেছৰ বহু বিধায়ক AIUDFত শীঘ্ৰেই যোগদান কৰিব বুলি গুজৱ উঠিছিল, তেনেসময়ত আনোৱাৰ হুছেইন লস্কৰ কংগ্ৰেছত যোগদান কৰাক লৈ AIUDF শিবিৰত উদ্বেগৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *