নগাঁও লোকসভা সমষ্টিকলৈ ত९পৰ AIUDF

Share
সমাগত লোকসভা নিৰ্বাচন।নিৰ্বাচনৰ প্ৰাক্-ক্ষণত এতিয়া প্ৰতিদ্বন্দ্বীসকল ব্যস্ত হৈ পৰিছে নিৰ্বাচনীৰ ব্যাপক প্ৰচাৰ অভিযানত। লোকসভাৰ সমষ্টিসমূহৰ ভিতৰত অন্যতম চৰ্চিত লোকসভা সমষ্টি হৈছে নগাঁও লোকসভা সমষ্টি।৫৭.৫৭ শতাংশ সংখ্যালঘু ভোটাৰ থকা এই নগাঁও লোকসভা সমষ্টিকলৈ এতিয়া AIUDFৰ প্ৰাৰ্থী তথা ধিঙৰ বিধায়ক আমিনুল ইছলাম ব্যাপক ত९পৰ হৈ পৰিছে। কিন্তু বিজেপি আৰু কংগ্ৰেছে বৰ্তমানেও  নিশ্চিত কৰিব পৰা নাই প্ৰাৰ্থীৰ নাম।বিশেষকৈ উক্ত সমষ্টিটোকলৈ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ আৰু বৰ্তমানৰ নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যু९ বৰদলৈৰ মাজত অন্য এখন ৰণ সৃষ্টি হোৱাৰহে উপক্ৰম ঘটিছে।ইফালে ইয়াৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি নগাঁৱত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে AIUDFএ।বিগত বৰ্ষৰ লোকসভাৰ নিৰ্বাচনত AIUDFৰ কোনো প্ৰাৰ্থী নথকাৰ বাবেই এক দীৰ্ঘ বিৰতিৰ পাছত কংগ্ৰেছে নগাঁও লোকসভা সমষ্টিত জয়যুক্ত হ’বলৈ সক্ষম হৈছিল কিন্তু ৫৭.৫৭ শতাংশ সংখ্যালঘু ভোটাৰেৰে গঠিত সমষ্টিটোকলৈ কেংগ্ৰেছৰ মাজত চলা আভ্যন্তৰীণ যুঁজখনে আৰু AIUDFৰ প্ৰাৰ্থী আমিনুল ইছলামে চলোৱা প্ৰবল প্ৰচাৰ অভিযানে সমষ্টিটোৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলাব সেয়া পৰৱৰ্তী সময়তহে লক্ষ্যণীয় হ’ব।  

Leave a Reply

Your email address will not be published. Required fields are marked *