বিপজ্জকভাৱে ৰাজ্যত বৃদ্ধি পাইছে বায়ু প্ৰদূষণ

Share

অতি জাকজমকতাৰে ৰাজ্যবাসীয়ে উৎযাপন কৰিলে পোহৰৰ উৎসৱ দীপাৱলী। দীপাৱলীৰ বাবে প্ৰশাসনে বান্ধি দিয়া নিয়ম উলংঘা কৰি বহু স্থানত একাংশই ওৰে নিশা ফটকা ফুটাই উৎযাপন কৰিলে পোহৰৰ উৎসৱ দীপাৱলী। দীপাৱলীত জ্বলোৱা আতচবাজীৰ বাবে অসমত বায়ুৰ গুণাগুণ পূৰ্বৰ তুলনাত অধিক নিম্নগামী হৈছে। অসম বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্ৰকাশ কৰিছে এই তথ্য। অসম বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য অনুসৰি দীপাৱলীৰ দিনা ৮০ ৰ পৰা ১০০ পাইছেগৈ অসমৰ AQI (Air Quality Index)। বায়ু প্ৰদূষণৰ লগতে শব্দ প্ৰদূষণৰ মাত্ৰা ১০৪ ডেচিবেল পৰ্যন্ত বৃদ্ধি পোৱা কথা সদৰি কৰিছে বিভাগে। প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য অনুসৰি গুৱাহাটীতকৈ নগাওঁ আৰু নলবাৰী জিলাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে বায়ু প্ৰদূষণে।

দীপাৱলীৰ দুটা দিনত নগাওঁত বায়ুৰ গুণমাণ সূচনাণক আছিল ২২০। একেদৰে নলবাৰীত বায়ুৰ গুণমাণ সূচনাংক আছিল ১৬৬। তাৎপৰ্যপূৰ্ণভাৱ গুৱাহাটীত এই সূচনাংক ১৫৪। অৱশ্যে, শিৱসাগৰ, শিলচৰ আদি চহৰত বায়ুৰ গুণমাণ সূচনাংক সন্তোষজনক বুলি প্ৰকাশ কৰিলে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে। একেদৰে  গুৱাহাটীৰ গণেশগুৰী, উলুবাৰী আদি স্থানত ফটকাৰ শব্দৰ প্ৰবল্য ১০৪ ডেচিবেললৈ বৃদ্ধি পোৱা বুলি প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে জানিবলৈ দিয়ে।   

Leave a Reply

Your email address will not be published. Required fields are marked *