৫০০ বিমান ক্ৰয় কৰাৰ ঐতিহাসিক সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ

Share

 টাটা গ্ৰুপৰ অধীনৰ এয়াৰ ইণ্ডিয়া আগবাঢ়িছে এক বহু আকাংক্ষিত নৱজাগৰণৰ দিশে । একক তথা বৃহত্তম সিদ্ধান্তৰে এয়াৰ ইণ্ডিয়াই ক্ৰয় কৰিব ৫০০ বিমান। ইয়াৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰয়ে ৪৬০ খন এয়াৰ বাছ আৰু বয়িং ক্ৰয় কৰিছিল । ঐতিহাসিক সিদ্ধান্তৰে এয়াৰ ইণ্ডিয়াই ১০০ বিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰে  ক্ৰয় কৰিব  এই বিমানকেইখন। ক্ৰয় কৰিবলগীয়া বিমানবোৰৰ ভিতৰত আছে এয়াৰবাছ এ -৩৫০ আৰু বয়িং -৭৮৭ আৰু বয়িং -৭৭৭ । 

প্ৰাপ্ত তথ্য অনুসৰি ক্ৰয়ৰ সিদ্ধান্ত প্ৰায় সম্পূৰ্ণ হৈছে যদিও কোনোধৰণৰ আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। টাটাই এয়াৰ ইণ্ডিয়াত ভিস্তাৰাৰ সৈতে চামিল কৰাৰ সম্ভাৱনা বিয়পি যোৱাৰ পিছত ঐতিহাসিক বিমান ক্ৰয় কৰাৰ সিদ্ধান্তটো চৰ্চালৈ আহিছে । বয়িং আৰু এয়াৰ বাছে এই কথা নুই কৰিছে যদিও এই মুহূৰ্তলৈকে টাটাৰ অধীনৰ এয়াৰ ইণ্ডিয়াই একো মন্তব্য কৰা নাই ।

Leave a Reply

Your email address will not be published. Required fields are marked *