ডিজিটেল ডেস্কঃ শীঘ্ৰেই সলনি দেশৰ অন্যতম চিকিৎসা কেন্দ্ৰ এইমছৰ নাম। দিল্লীকে ধৰি দেশৰ ভিন্ন প্ৰান্তত থকা মুঠ ২৩ খন এইমছৰে নাম সলনি কৰা হ’ব। নাম সলনি কৰি নতুন নাম হ’ব কোনো স্বাধীনতা সংগ্ৰামী অথবা কোনো স্থানীয় বীৰৰ নাম। চৰকাৰে দিল্লীকে ধৰি ২৩ খন এইমছৰ নাম স্থানীয় বীৰ, স্বাধীনতা সংগ্ৰামী, ঐতিহাসিক ঘটনা আৰু অঞ্চলটোৰ স্মাৰকসমূহৰ নামেৰে নামাকৰণ কৰা হ’ব।
ইয়াৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ৰ ফালৰ পৰা পৰামৰ্শও বিচৰা হৈছে। চৰকাৰী সূত্ৰ মতে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এই সন্দৰ্ভত পৰামৰ্শ বিচৰাৰ পিছত এইমছে নামৰ তালিকা দাখিল কৰে।