জনতা ভৱনত কৃষিমন্ত্ৰী অতুল বৰাৰ নেতৃত্বত পৰ্যালোচনা বৈঠক

Share
জনতা ভৱনত কৃষি মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত কৃষি  বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে  ২০২৩-২৪ৰ বাবে শেহতীয়াকৈ অসম বিধানসভাত দাখিল হোৱা বাজেটত পশুপালন আৰু পশু চিকিৎসা, দুগ্ধ উন্নয়ন বিভাগৰ বিভিন্ন আঁচনিৰ বাবে ধাৰ্য কৰা পুঁজি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হয় ।
     
বাজেটত ধাৰ্য কৰা প্ৰতিটো শিতানৰ পুঁজিৰ যাতে সঠিক ব্যৱহাৰেৰে নিৰ্ধাৰিত সময়ৰ ভিতৰত যাৱতীয় সকলো কাম সম্পূৰ্ণ হয়, তাৰ বাবে বিষয়াসকলক নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণিৰপৰাই সকলো কাম ক্ষিপ্ৰতাৰে আগুৱাই নিবলৈ কৃষি মন্ত্ৰী অতুল বৰাই নিৰ্দেশনা দিয়াৰ লগতে শেহতীয়াকৈ অসমলৈ বহিঃৰাজ্যৰপৰা গাহৰি আৰু কুকুৰাৰ পৰিবহণ নিষিদ্ধকৰণৰ বাবে দিয়া নিৰ্দেশনা যাতে কোনেও ভংগ কৰিব নোৱাৰে, তাৰ প্ৰতি চোকাদৃষ্টি ৰাখিবলৈ বিষয়াসকলক অনুমতি দিয়ে । লগতে, বিভাগে ৰূপায়ণ কৰি থকা কেন্দ্ৰীয় আৰু ৰাজ্যিক আঁচনিসমূহৰ শেহতীয়া স্থিতি আৰু বিভাগীয় কাম-কাজৰ অগ্ৰগতিৰো বিতংকৈ বুজ ললে মন্ত্ৰীজনে । 
   
আজিৰ এই পৰ্যালোচনা বৈঠকখনত উপস্থিত থাকে পশুপালন  আৰু পশু চিকিৎসা বিভাগৰ প্ৰধান সচিব শ্ৰী মনীষ ঠাকুৰ, সচিব শ্ৰী অভিজিত বৰুৱা, সচিব তথা সঞ্চালিকা শ্ৰীমতী ইন্দিৰা কলিতা, সচিব তথা অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ পৰিচালন সঞ্চালক শ্ৰী অনিল দেউৰী প্ৰমুখ্যে দুগ্ধ উন্নয়ন সঞ্চালক আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল ।

Leave a Reply

Your email address will not be published. Required fields are marked *