মাত্র ৭ টা ৱাৰ্ডৰ প্রতিদ্বন্দ্বিতাতে সীমাবদ্ধ অগপ

Share
গুৱাহাটী,২৮ মাৰ্চঃ ক্রমাৎ যেন অস্তিত্বৰ সংকটত অসম গণ পৰিষদ । অহা ১৯ এপ্রিলৰ দিনা অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী  পৌৰ নিগমৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ আগ্ৰাসনত ৬০ টা ৱাৰ্ডৰ  ভিতৰত মাত্র কেৱল ৭টা ৱাৰ্ডতে প্রতিদ্বন্দ্বিতা কৰাৰ সুযোগ লাভ কৰিছে মিত্রজোঁটৰ দল অগপই ।শাসনাধিষ্ঠ বিজেপিয়ে ৭টা ৱাৰ্ডতহে এৰি দিছে অতুল বৰা নেতৃত্বাধীন অগপক ।এইখিনিতে ,গুৰুত্বপূৰ্ণ কথাটো  হ’ল ক্রমে ১,১১,১২,১৩,১৪,৩৩,৫৯ নম্বৰ ৱাৰ্ডতহে প্রতিদ্বন্দ্বিতা কৰিব পাৰিব অগপই ।
তদুপৰি, তাৎপৰ্যপূৰ্ণভাৱে এটা কথা উল্লেখ কৰা লাগিব যে ,পশ্চিম গুৱাহাটী সমষ্টিত সৰ্বাধিক ৫টা ৱাৰ্ড আৰু লগতে পূৱ গুৱাহাটী সমষ্টিত ১ টা ৱাৰ্ড আৰু দিছপুৰ সমষ্টিত এটা ৱাৰ্ডত প্রাৰ্থী প্রতিদ্বন্দ্বিতা কৰাৰ সুযোগ লাভ কৰিছে বিৰোধী কংগ্ৰেছে ।কিন্তু আশ্বৰ্য্যজনক কথা এইটোৱে যে মিত্রজোঁটৰ অংশীদাৰ হিচাপে এক তৃতীয়াংশ আসনো এৰি নিদিলে শাসনাধিষ্ঠ বিজেপিয়ে । আৰু আনফালে কেৱল ৭টা ৱাৰ্ডতে সন্তুষ্ট থাকি পশ্চিম গুৱাহাটী অগপ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই এনেদৰে মন্তৱ্য কৰি কয় যে -“দলৰ কোনো ক্ষতি নহয় ,আমাৰ লক্ষ্য মিত্রজোঁটৰ সৈতে সকলো আখন দখল কৰা ।”

Leave a Reply

Your email address will not be published. Required fields are marked *