ডিজিটেল ডেস্কঃ পোহৰলৈ আহিছে সমাজৰ এলান্ধুকলীয়া নিয়মৰ বলি হৈ মানসিক ভাৱে ভাগি পৰা এটা পৰিয়ালৰ কাহিনী। পুনৰ ব্ৰাহ্মণ সমাজৰ অনিয়ম আৰু অমানৱীয় সিদ্ধান্তৰ বলি এটা পৰিয়াল।কিন্তু এইবাৰ কোনো বিবাহ বা কোনো অপৰাধৰ বাবে নহয় সমাজে এঘৰীয়া কৰা এজন ব্যক্তিক প্ৰসাদ খাবলৈ দিয়া বাবে এঘৰীয়া কৰিলে এই পৰিয়ালটোক।
আধুনিক মানৱসমাজৰ এই লজ্জাজনক ঘটনাটো সংঘটিত হৈছে দৰং জিলাৰ ছিপাঝাৰৰ ব্যাসপাৰা অঞ্চলৰ ২নং ঘোৰাশালা গাঁৱত। পূৰ্বে এঘৰীয়া কৰা ব্যক্তিগৰাকীক দীনেশ শৰ্মা নামৰ ব্যক্তিগৰাকীৰ ঘৰত পূজাৰ প্ৰসাদ খাব দিয়াৰ বাবে এঘৰীয়া কৰা হৈছে দীনেশ শৰ্মাৰ পৰিয়ালটোক। আনকি ব্ৰাহ্মণ সমাজে এক পত্ৰও প্ৰেৰণ কৰিছে পৰিয়ালটোলৈ। দীনেশ শৰ্মাৰ পৰিয়ালটোলৈ ব্ৰাহ্মণ সমাজে প্ৰেৰণ কৰা পত্ৰ অনুসৰি সমাজৰ নিয়ম ভংগ কৰাৰ বাবে কোনো অনুস্থানতে ভাগ লব নোৱাৰিব দীনেশ শৰ্মাৰ পৰিয়াল।