টাইটানিকৰ পিছত আটলাণ্টিক মহাসাগৰত ১২০০ফুট দৈৰ্ঘ্যৰ ”আইকন অৱ দ্য ছিজ”

Share
টাইটানিকৰ পিছত মহাসাগৰৰ বুকুত এইবাৰ পুনৰ চলিব পৃথিৱীৰ ১২০০ফুট দৈৰ্ঘ্যৰ সৰ্ববৃহৎ জাহাজ ‘আইকন অৱ দ্য ছিজ’। ২০২৪ চনৰ ২৭ জানুৱাৰীত আনুষ্ঠানিক ভাৱে সাগৰৰ বুকুত জাহাজখনৰ যাত্ৰা আৰম্ভ কৰা হ’ব। ইয়াৰ মুঠ টনজ ২৫০,৮০০, যাৰ ফলত তেওঁৰ মুঠ টনজৰ হিচাপত বিশ্বৰ আটাইতকৈ ডাঙৰ ক্ৰুজ জাহাজ। ১২০০ ফুট দৈৰ্ঘৰে বিভিন্ন অত্যাধুনিক সা সজ্জাৰে নিৰ্মাণ কৰি গঢ়ি তোলা হৈছে এই  জাহাজখন । ২০ টা মহলাৰ নিৰ্মিত এক অন্যতম অত্যাধুনিক জাহাজ। জাহাজখন তৰলীকৰণ প্ৰাকৃতিক গেছৰ দ্বাৰা চালিত। জাহাজখনত ছটা  ইঞ্জিনযুক্ত জাহাজ। জাহাজখনত বহুতো বিকল্প শক্তিৰ সুবিধা আছে।
ক্ৰুজ জাহাজখনত এবাৰত যাত্ৰা কৰিব পাৰিব প্ৰায় ৭৬০০ জন যাত্ৰী। জাহাজখনত ২৩৫০জন‌ ক্ৰুজ থাকিব, দুগুন দখলত ৫,৬১০ জন আৰু ৭,৬০০ যাত্ৰী থাকিব। জাহাজখনত যাত্ৰীসকলৰ মনোৰঞ্জনৰ বাবে আছে এনেসমূহ ব্যৱস্থা ,২০টা ডেক আছে য’ত ৭টা চুইমিং পুল আৰু ৬টা ৱাটাৰ স্লাইড আছে। জাহাজখনত আটাইতকৈ ওখ জলপ্ৰপাত, আটাইতকৈ ওখ জল স্লাইড, আটাইতকৈ ডাঙৰ জলপাৰ্ক আৰু যিকোনো জাহাজৰ ভিতৰত প্ৰথমটো ওলমি থকা ইনফিনিটি পুল আছে।  সফলতাৰে জাহাজখনৰ বৈজ্ঞানীক পৰীক্ষণ সমাপ্ত কৰা হৈছে।ইতিমধ্যে যাত্ৰীসকলে এই সৰ্ববৃহৎ জাহাজখনৰ যাত্ৰাৰ বাবে টিকট ক্ৰয় কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *