চন্দ্ৰযান-৩ সফলতাৰ পিছত উদঘাটন হৈছে চন্দ্ৰপৃষ্ঠৰ নতুন তথ্য

Share

বুধবাৰে সন্ধিয়া চন্দ্ৰত চন্দ্ৰযান-৩য়ে সফলতাৰে অৱতৰণ কৰে।ভাৰতে চন্দ্ৰপৃষ্ঠত সফলতাৰে অৱতৰণ কৰা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হৈছে।চন্দ্ৰযান-৩ সফলতা বিশেষ কাৰণ আন কোনো মহাকাশযানে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিবলৈ সক্ষম হোৱা নাই।

২০১৯ চনৰ ছেপ্তেম্বৰত চন্দ্ৰত লেণ্ডাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত চন্দ্ৰযান-২ বিফল হৈছিল।কিন্তু চন্দ্ৰপৃষ্ঠত মহাকাশযান অৱতৰণ কৰাৰ এইটো ভাৰতৰ তৃতীয় প্ৰয়াস আছিল।উল্লেখ্য যে,চন্দ্ৰযান-৩সফলতাৰ পিছত ইছৰোৰ বিজ্ঞানীসকলে উদঘাটন কৰিছে চন্দ্ৰপৃষ্ঠৰ নতুন তথ্য।

ইছৰোৱে চন্দ্ৰপৃষ্ঠলৈ পঠিওৱা মহাকাশযানখনে চন্দ্ৰপৃষ্ঠত থকা বিভিন্ন উপাদানৰ বিষয়ে তথ্য় আগবঢ়োৱাত সহায় কৰিছে।ইছৰোৱে কয় যে চন্দ্ৰপৃষ্ঠত বহুতো সমস্যা আছিল,কিন্তু সেই সমস্যাক নেওঁচি বিপদসংকুল যাত্ৰাৰ মাজতো এই  মহাকাশযানখনে সফলতাৰে চন্দ্ৰপৃষ্ঠৰ তাপ পৰিৱাহিতা,কেনেকৈ এটা মূৰৰ পৰা আন এটা মূৰলৈ তাপ গ্ৰহণ হয় অধ্যয়ন কৰিব আৰু লগতে তাপ ভৌতিকতা বিষয়েও অধ্যয়ন কৰিব।

ইয়াৰোপৰি,কেইবাটাও প্ৰক্ৰিয়া আৰম্ভ কৰিছে প্ৰজ্ঞান ৰ’ভাৰখনে।প্লাজমাৰ ঘনত্ব,ভেৰাইটি বিষয়ে অধ্যয়ন কৰিবলৈ এল পি নামৰ অপাৰেচন মুড অন কৰি দিছে আৰু লগতে কেতবোৰ কাম আৰম্ভ কৰিছে ৰ’ভাৰখনে।ইয়াৰ লগতে চন্দ্ৰত পোৱা গৈছে বৰফ,সেই বৰফৰ পৰা পানী আহৰণ কৰাৰ লগতে অক্সিজেন লাভ কৰিব পাৰিব বুলি বিজ্ঞানী সকলে আশা কৰে।আনহাতে,তাৰ পৰা অক্সিজেন লাভ কৰি মানৱ দেহত শক্তি প্ৰদান কৰিব বুলি ইছৰো বিজ্ঞানীসকলে অনুমান কৰে।

এই অভিযানৰ পাছত পৰৱৰ্তী সময়ত শুক্ৰ আৰু মংগল গ্ৰহতো চন্দ্ৰযান-৩য়ে সফলভাৱে অৱতৰণ কৰিব বুলি মন্তব্য কৰে ইছৰোৰ অধ্যক্ষ এছ.সোমনাথে।

Leave a Reply

Your email address will not be published. Required fields are marked *