তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশত বানপানীৰ পিছতে এইবাৰ ঘূৰ্ণীবতাহ মিচাং

Share

অন্ধ্ৰপ্ৰদেশ আৰু চেন্নাইত হোৱা বানপানীৰ ফলত ঘূৰ্ণীবতাহ মিচাউঙে স্থলভাগত প্ৰৱেশ কৰে । ভাৰতৰ বতৰ বিজ্ঞান বিভাগে নিশ্চিত কৰা মতে বংগ উপসাগৰৰ পৰা উ९পত্তি হোৱা এই ভয়াৱহ ঘূৰ্ণীবতাহৰ ফলত গছ-গছনি আৰু বিদ্যুতৰ খুঁটা উভালি পেলোৱাকে ধৰি অঞ্চলটো যথেষ্ট ক্ষয়-ক্ষতিৰ সন্মুখীন হবলগীয়া হোৱাৰ বাবে দক্ষিণ অন্ধ্ৰপ্ৰদেশ উপকুলৰ বাপাটলা চহৰ আৰু তাৰ ওচৰৰ অঞ্চলত জণসাধাৰণৰ জীৱন-যাপনত স্তব্ধ হৈ পৰিছে । সৰ্বোচ্চ স্থায়ী বতাহৰ গতিবেগ ঘণ্টাত ৯০-১০০ কিলোমিটাৰ লৈ মিচাউঙে বাপাটলাৰ ওচৰৰ স্থলপথত প্ৰৱেশ কৰে, যাৰ ফলত তিনিজন লোকৰ মৃত্যু হয় । ঘুৰ্ণীবতাহ উত্তৰ দিশলৈ গতি কৰি দুৰ্বল হোৱাৰ সম্ভাৱনা আছে যদিও প্ৰচণ্ড বৰষুণ অব্যাহত আছে বুলি জানিবলৈ দিয়ে অন্ধ্ৰপ্ৰদেশৰ দুৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষই । চেন্নাই আৰু চুবুৰীয়া জিলাত তিনিখনত মৃত্যুৰ সংখ্যা সাতজনলৈ বৃদ্ধি পাইছে আৰু ৬১,৬০০ৰো অধিক লোকক সাহায্য শিবিৰলৈ স্থান্তান্তৰিত কৰা হৈছে । ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি বাহিনীয়ে অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, তেলেংগানা আৰু পুডুচেৰীত সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে ২৯টা দল নিয়োগ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *