কৰোনা, মাংকিপক্সৰ পিছত এইবাৰ ট’মেটো ফ্লুৰ আতংক

Share

নিউজ ডেস্কঃ এইবাৰ দেশত  বিয়পিছে ট’মেটো ফ্লু। ট’মেটো ফ্লু ৰোধ কৰাৰ বাবে প্ৰত্যেকখন ৰাজ্যক সাৱধান হৈ থকাৰ নিৰ্দেশ জাৰি কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে। প্ৰথমে  শিশুসকল এই ৰোগত আক্ৰান্ত হোৱা দেখা গৈছিল যদিও বৰ্তমান এই ৰোগৰ সংক্ৰমণ কিশোৰ সকলৰ দেহতো দেখা পোৱা গৈছে। এই ৰোগত আক্ৰান্ত হ’লে প্ৰথমে জ্বৰ উঠে।তাৰ পাছত দেহৰ বিভিন্ন অংশ ৰঙা হৈ পৰে। লগতে দেহৰ বিভিন্ন অংশত ঘাঁ বা ফোহা ওলায় আৰু খজুৱতিৰ সৃষ্টি হয়। এই ৰোগত আক্ৰান্ত হোৱা ৰোগীক চাফ-ছিকুণকৈ ৰাখিব লাগে আৰু গৰম পানী খোৱাব লাগে।

উল্লেখ্য যে এই ৰোগৰ বাবে বজাৰত বিশেষ ঔষধ ওলোৱা নাই যদিও অন্য সংক্ৰমিত ৰোগৰ বাবে যি ঔষধ ব্যৱহাৰ কৰা হয় , সেই ঔষধেই আক্ৰান্তক দিয়া হৈছে। এই ৰোগৰ লক্ষণ দেখাৰ লগে লগেই স্বাস্থ্য পৰীক্ষাৰ নিৰ্দেশ জাৰি কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *