চন্দ্ৰযান-৩ৰ উৎক্ষেপনৰ বাবে এতিয়া সম্পূৰ্ণ সাজু হৈ উঠিছে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান। বুধবাৰে ISRO য়ে প্ৰকাশ কৰা অনুসৰি অন্ধ প্ৰদেশৰ শ্ৰীহৰিকোট্টাৰ পৰা ১৩ জুলাই দুপৰীয়া ২ বাজি ৩০ মিনিটত চন্দ্ৰৰ অভিমুখে উৰা মাৰিব যানখন।
ভাৰতীয় মহাকাশ গৱেষনা প্ৰতিষ্ঠান অৰ্থ্যাৎ ISRO ৰ অধ্যক্ষ এছ সোমনাথে কয় যে যদি পৰীক্ষা সমূহ পৰিকল্পনা অনুসৰি হয় তেন্তে ISRO ৰ চন্দ্ৰ অভিযানৰ তৃতীয় সংস্কৰণ চন্দ্ৰযান-৩ ক ১২ ৰ পৰা ১৯ জুলাইৰ ভিতৰতে উৎক্ষেপন কৰ হ’ব। উল্লেখযোগ্য যে, চন্দ্ৰযান-২ ৰ পৰৰ্ৱতী অভিযানৰ অংশ হিচাবে প্ৰেৰণ কৰা হ’ব এই চন্দ্ৰযান-৩।
লগতে ISRO ৰ অধ্যক্ষ গৰাকীয়ে সদৰী কৰে যে, আগন্তুক উৎক্ষেপনৰ সময়ত যিকোনো সমস্যা পৰিহাৰ কৰাৰ বাবে চন্দ্ৰযান-৩ ত ইয়াৰ গাথঁনি, হাৰ্ডৱেৰ, কম্পিউটাৰ, ছফ্টৱেৰ আৰু চেন্সৰ সংযোগ কৰা হৈছে।
এই উৎক্ষেপ সফল হলে চন্দ্ৰলৈ আকাশ যান পঠোৱা চতুৰ্থখন দেশ হব ভাৰত। ইয়াৰ পূৰ্বে চন্দ্ৰযানত সফল হৈছে আমেৰিকা, ৰুছ আৰু চীন। উল্লেখ্য যে ২০১৯ চনৰ ২২ জুলাইত চন্দ্ৰয়ান-২ উৎক্ষেপন কৰিছিল ভাৰতে। এই যান খনে চন্দ্ৰৰ চাউথ পুলত অৱতৰণ কৰিছিল যদিও ই বিফল হৈছিল।