৭০ দিনৰ পাছত ৭০ বছৰীয়া স্বামীয়ে হস্পিতালৰ পৰা ৰিলিজ পোৱাত পত্নীয়ে গাই দিলে মৰমলগা গান, ভিডিঅ’ ভাইৰেল

Share

জীৱনত কেতিয়া কি হৈ যায় এই কথাষাৰৰ যেন কোনো নিশ্চয়তা নাই। এনে অৱস্থাত মানুহে আনন্দৰ মাজেৰে জীৱনটো উদযাপন কৰিব বিচাৰে।পিছে সামাজিক মাধ্যমত ভিডিঅ’সমূহ ভাইৰেল হৈ থকাৰ সময়তে এইবাৰ আন এটি ভাইৰেল ভিডিঅ’য়ে সামাজিক মাধ্যমত লাভ কৰিছে বিশেষ চৰ্চা। এই ভিডিঅ’টোত দেখিবলৈ পোৱা অনুসৰি এগৰাকী বৃদ্ধা মহিলাই স্বামীৰ বাবে এটি সুন্দৰকৈ গীত গাইছে।দৰাচলতে ভিডিঅ”টোত দেখিবলৈ পোৱা অনুসৰি মহিলাগৰাকীৰ স্বামী হাস্পতালৰ বিচনাত পৰি আছে। তেওঁৰ মন ভাল লগা নাছিল বাবে তেনে সময়তে পত্নীয়ে এটি গীত গাই স্বামীক প্ৰেৰণা দিছে।

সামাজিক মাধ্যমত এই ভিডিঅ’টো বহুজনে লাইক কৰাৰ লগতে ভিডিঅ’ দেখি হৈ পৰিছে আবেগিক।এই ভিডিঅ’টোত এগৰাকী বৃদ্ধা মহিলাই নিজৰ ৭০ বছৰীয়া স্বামীয়ে ৭০ দিনৰ পাছত হস্পাতালৰ পৰা ৰিলিজ পোৱা পাছতে এনেদৰে গান গাই শুনাইছিল।এই ভিডিঅ’টোৰ অকণমান কিল্পটোৱে হয়তো আপোনাৰো চকুত চকুপানী আনিব।পোষ্টটোৰ কেপচনত লিখা আছে সদায়ৰ বাবে এই মৰম।

এই ভিডিঅ’টি বলিউডৰ অভিনেত্ৰী কংকনা সেন শৰ্মাৰ লগতে অনুস্কা শৰ্মাইয়ো লাইক কৰিছে। তদুপৰি ১ লাখতকৈও আধিক লোকে লাইক কৰিছে এই ভিডিঅ’টি। বহুজনে কৰিছে মন্তব্যও।  সামাজিক মাধ্যমত এজনে মন্তব্য কৰি লিখিছে যে-‘অতি আবেগিক’।

Leave a Reply

Your email address will not be published. Required fields are marked *