২৯ বছৰৰ পিছত হাঁহি বিৰিঙিল ডাঙৰীৰ পঞ্চ শ্বহীদৰ পৰিয়ালৰ মুখত

Share

সুদীৰ্ঘ ২৯ বছৰৰ পিছত ন্যায় পালে ডাঙৰীৰ পঞ্চ শ্বহীদৰ পৰিয়ালে। ১৯৯৪ চনত তিনিচুকীয়া জিলাৰ ভাৰতীয় সেনাই ভুৱা এনকাউন্টাৰ কৰিছিল ৫ জনকৈ নিৰীহ যুৱকক। এই যুৱক কেইজন ক্ৰমে তিনিচুকীয়া জিলা ছাত্ৰ সন্থা উপদেষ্টা ডাঙৰীৰ প্ৰবীণ সোণোৱাল, খোৱাং- তালাপৰ প্ৰদীপ দত্ত, দেৱজিৎ বিশ্বাস, অখিল সোণোৱাল আৰু তামুলী গাঁৱৰ ভবেন মৰাণ।

গুৱাহাটী উচ্চ ন্যায়ালয়ে শ্বহীদৰ প্ৰতিটো পৰিয়ালকে দুই মাহৰ ভিতৰত ২০ লাখকৈ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে।কেন্দ্ৰ চৰকাৰক এই নিৰ্দেশ দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়।

শ্বহীদৰ পৰিয়ালকেইটাই দীৰ্ঘদিন ধৰি আইনী যুঁজখন চলাই নি অৱশেষত ৯ মাৰ্চত ন্যায় লাভ কৰে।এই ঘটনা সন্দৰ্ভত আইনী যুঁজখন চলাই নি ন্যায় প্ৰদান কৰাত মুখ্য ভূমিকা পালন কৰে শদিয়া সমষ্টিৰ প্ৰাক্তন  বিধায়ক জগদীশ ভূঞা।ইয়াৰ উপৰিও আইনী যুঁজখন চলাই নিয়াত সহায় কৰে অধিবক্তা কমল নয়ন চৌধুৰী, সদৌ অসম ছাত্ৰ সন্থাৰ ডাঙৰী আঞ্চলিক সমিতি, তিনিচুকীয়া জিলা ছাত্ৰ সন্থা লগতে সংবাদ মাধ্যম।

Leave a Reply

Your email address will not be published. Required fields are marked *