জলবায়ু পৰিবৰ্তন আৰু প্ৰাকৃতিক পৰিবেশ ৰক্ষাৰ হেতু এলানি কাৰ্যসূচী গ্ৰহণ

Share

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগে জলবায়ু পৰিবৰ্তনৰ ওপৰত বহুকেইটা কাৰ্যসূচী গ্ৰহণ কৰিছে ,জলবায়ু পৰিবৰ্তন প্ৰাকৃতিক পৰিৱেশৰ ৰক্ষাৰ হেতু বিশেষকৈ যুৱপ্ৰজন্মৰ মাজত সজাগতা বৃদ্ধিৰ লগতে যুৱপ্ৰজন্মক এই দিশসমূহত সক্ৰিয় অংশীদাৰ কৰি তুলাই হ’ল মূল উদ্দেশ্য।যাৰ উপৰত লক্ষ্য ৰাখি যোৱা ২৮ ফেব্ৰুৱাৰী তাৰিখে এডিটৰছ মিট শীৰ্ষক মতবিনিময় অনুষ্ঠান আয়োজন কৰে । ইয়াৰ উপৰিও মানৱ মনৰ কৰ্ষন বৃদ্ধিৰ সমান্তৰালকৈ পৰিৱেশমূলক চিনেমাৰ যোগেদি মানুহৰ মাজত সচেতনতা বৃদ্ধিৰ হেতু জোনাকী চলচিত্ৰ মহোৎসৱ ২০২৫ ৰ আয়োজন কৰিছে ।চিনেমাক জলবায়ু পৰিবৰ্তনৰ বাহক হিচাপে গুৰুত্ব আৰূপ কৰি ভাৰতৰ ভিতৰতে প্ৰথম বাৰৰ বাবে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ জনসাধাৰণৰ সজাগতাৰ বৃদ্ধিৰ বাবে আগুৱাই আহিছে, অহা  ৭,৮,৯, মাৰ্চত  আৰম্ভ হবলগীয়া জোনাকী চলচিত্ৰ মহোৎসৱত সৰ্বমুঠ ২৫ খন চলচিত্ৰ প্ৰদৰ্শন কৰা হব।ইয়াৰ লগত সংগতি এলানি পৃঠক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।ইয়াৰ ভিতৰত তথ্যচিত্ৰ চুটি ছবি উল্লেখযোগ্য।

Leave a Reply

Your email address will not be published. Required fields are marked *