Aditya-L1 অভিযানত অসমৰ কন্যা

Share

আজি সূৰ্যলৈ উৰা মাৰিছে Aditya-L1।শ্ৰীহৰিকোটা সতীশ ধাৱান মহাকাশ ক্ষেত্ৰৰ পৰা উ९ক্ষেপণ কৰা হৈছে Aditya-L1ক।Aditya-L1 পৃথিৱীৰ পৰা সূৰ্য অভিমুখে ১.৫ নিযুত কিলোমিটাৰ দূৰত্বলৈ যাত্ৰা কৰিব।ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ এয়া প্ৰথম সূৰ্য অভিযান।এই অভিযানত জড়িত আছে এগৰাকী অসমৰ কন্যা।Aditya-L1ৰ কাৰ্য্যক্ৰমণিকাৰ এটা গুৰুত্বপূৰ্ণ বিষয়ত নেতৃত্বৰ বাবে যুটীয়া অনুসন্ধানকাৰী বিজ্ঞানী হিচাপে নিযুক্ত কৰিছিলে।নাম ডঃ ঐশ্বন্যা শৰ্মা।তেওঁ যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ তথা পদাৰ্থ বিজ্ঞান বিভাগৰ এগৰাকী সহকাৰী অধ্যাপিকা।

          তেওঁ Aditya-L1ত সংলগ্ন দূৰবীণ যন্ত্ৰ অথা९ SUIT ৰ তথ্যৰ পৰা সূৰ্য্যৰ আলোকমণ্ডল আৰু বৰ্ণমণ্ডলৰ স্থিতি তৰংগ আৰু কম্পনৰ বিষয়ত অধ্যয়ণ কৰিব।জ্যোতি পদাৰ্থ বিজ্ঞানৰ গৱেষণা প্ৰতিষ্ঠান IUCAAৰ জ্যেষ্ঠ বিজ্ঞানী তথা আদিত্যত সংলগ্ন SUITৰ মুখ্য অনুসন্ধানকাৰী বিজ্ঞানী প্ৰফেছৰ দূৰ্গেশ ত্ৰিপাঠীৰ লগত ডঃ ঐশ্বন্যা শৰ্মা ২০১৫ চনৰ পৰা বৰ্তমান লৈকে কৰ্মৰত হৈ আছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *