পুনৰ এবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াবলৈ সক্ষম হ’ল অসমীয়াক গৌৰৱান্বিত কৰা অভিনেতা আদিল হুছেইন। এইবাৰ লণ্ডনত অনুষ্ঠিত ‘ইউ কে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল’ ত ‘ফুটপ্ৰিন্টছ অন ৱাটাৰ’ নামৰ ছবিখনত কৰা অনবদ্য অভিনয়ৰ জৰিয়তে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিবলৈ সক্ষম হ’ল অসম সন্তান আদিল হুছেইন।
উল্লেখ্য যে, ১৩ মে’ত ‘ ইউ কে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল’ ত প্ৰিমিয়ামৰ হৈছিল আদিল হুছেইন অভিনীত বলীউডৰ ছবিখনৰ। এই ছবিছনৰ পৰিচালক আছিল নাটালিয়া শ্যামৰ। ব্ৰিটেইনলৈ হোৱা অনুপ্ৰৱেশ আৰু প্ৰৱজনকাৰীসকলে ব্ৰিটেইনত সন্মুখীন হোৱাৰ সমস্যাক বিষয়বস্তু হিচাপে লৈ ছবিখনৰ কাহিনীভাগ আগবঢ়াই নিয়া হৈছিল। ব্ৰিটেইনত অনুপ্ৰৱেশ কৰাৰ পিছত এগৰাকী পিতৃয়ে নিজ সন্তানক হেৰুৱাৰ কৰুণ কাহিনীৰ লগতে সন্তানৰ সন্ধান কৰাৰ বৰ্ণনা হৈছে ছবিখনত।
এই ছবিখনত অসম সন্তান আদিল হুছেইনে এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছে। আদিল হুছেইনৰ অভিনয়ৰ প্ৰশংসত পঞ্চমুখ হৈ পৰিছে চিনেপ্ৰেমীসকল। ইয়াৰ পূৰ্বেও নিউয়ৰ্কত অনুষ্ঠিত ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত ‘ফুটপ্ৰিন্টছ অন ৱাটাৰ’ পৰিচালকৰ প্ৰথম ছবিৰ শিতানত শ্ৰেষ্ঠ ছবি হিচাপেও পুৰস্কৃত হৈছিল।