ছ’চিয়েল মিডিয়াত ধৰ্মৰ ক্ষেত্ৰত বিতৰ্কিত পোষ্ট দি গ্ৰেপ্তাৰ অভিনেতা কমল আৰ খান

Share
ডিজিটেল ডেস্কঃ অভিনেতা কমল আৰ খানক ছ’চিয়েল মিডিয়াত বিতৰ্কিত পোষ্ট কৰাৰ বাবে মঙলবাৰে মালাড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। মঙলবাৰে পুৱা মুম্বাইৰ বিমান বন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰে অভিনেতা কে.আৰ.খানক। আৰক্ষীৰ তথ্য অনুসৰি অভিনেতা কমল আৰ খানে ২০২০ চনত টুইটাৰত ধৰ্মৰ ক্ষেত্ৰত বিবাদৰ সৃষ্টি হোৱা এক পোষ্ট কৰিছিল।
লগতে হিন্দী চিনেমা জগতৰ চিৰসেউজ অভিনেতা ৰিচি কাপুৰ আৰু ইৰফান খানক লৈও এক বিতৰ্কিতমূলত মন্তব্য কৰিছিল।যাৰ বাবে অভিনেতা গৰাকীক  গ্ৰেপ্তাৰ কৰে মালাড আৰক্ষীয়ে। উল্লেখ্য যে যুৱ সেনাৰ সদস্য ৰাহুল কনালে ২০২০ চনতেই অভিনেতা গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।আৰক্ষীয়ে কে.আৰ.কেক আজি মুম্বাই বিমান বন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰে আৰু মুম্বাইৰ ব’ৰীভালি আদালত হাজিৰ কৰোৱা হয় অভিনেতা কমল আৰ খানক

Leave a Reply

Your email address will not be published. Required fields are marked *